অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! বিদ্যালয়ৰ চৌহদত প্ৰকাণ্ড গছ গাৰ ওপৰত বাগৰি প্ৰাণ গ’ল ছাত্ৰীৰ

নিউজ ডেস্কঃ বিদ্যালয় চৌহদত থকা এডাল প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী ছাত্ৰীয়ে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে চণ্ডীগড়ৰ ৯নং চেক্টৰৰ কাৰমেল কনভেণ্ট স্কুলত।

জানিব পৰা মতে, চহৰখনৰ আটাইতকৈ পুৰণি শিক্ষা প্ৰতিষ্ঠানসমূহৰ অন্যতম কাৰমেল কনভেণ্ট স্কুলত থকা ২৫০ বছৰ পুৰণি এজোপা গছৰ ডাল শুকুৰবাৰে ভাঙি পৰে।

photo1657278049

যাৰ ফলত সেই সময়ত গছজোপাৰ তলত খেলি থকা ১৯ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু এগৰাকী মহিলা পৰিচাৰিকা গুৰুতৰভাৱে আহত হয়।

photo1657278057

আহত সকলক লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও এগৰাকী ১৬ বছৰীয়া ছাত্ৰীক মৃত ঘোষণা কৰে চিকিৎসকে।

অকাল মৃত্যুক সাৱটি লোৱা ছাত্ৰীগৰাকীক বিদ্যালয়খনৰ দশম শ্ৰেণীত অধ্যয়নৰত হীৰাক্ষী বুলি চিনাক্ত কৰা হৈছে।

p5

আনহাতে দুৰ্ঘটনাত সামান্য আঘাতপ্ৰাপ্ত আন ১১ গৰাকী শিক্ষাৰ্থীক স্বাস্থ্য সেৱা সঞ্চালকৰ তত্বাৱধানত জিএমএছএইচত ভৰ্তি কৰোৱা হৈছে।

ইফালে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলা পৰিচাৰিকাগৰাকীক অন‍্য এগৰাকী ছাত্ৰীসহ জিএমএছএইচৰ পৰা পিজিআইএমইআৰলৈ স্থানান্তৰ কৰা হৈছে আৰু বৰ্তমান পিজিআইএমইআৰৰ চিকিৎসকসকলৰ নিৰন্তৰ নিৰীক্ষণত আছে।

photo1657278075

উল্লেখ্য যে, শুকুৰবাৰে পুৱা প্ৰায় ১১.৩০ বজাত সংঘটিত হয় এই শোকাবহ ঘটনা।

জানিব পৰা মতে, জিলা প্ৰশাসনে এই ২৫০ বছৰ পুৰণি গছজোপাক ঐতিহ্যচিহ্ন হিচাপে ঘোষণা কৰি ৰাখিছিল।

লগতে চাওকঃ

মাত্ৰ ৭ মাহ পূৰ্বে সম্পন্ন হৈছিল বিয়া, সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীদ সেনা জােৱান হৃষিকেশ

G4 1

Related Articles

Back to top button