মৰ্মান্তিক! বিজেপি সাংসদৰ বাহনৰ খুন্দাত আহত ৯ বছৰীয়া ছাত্ৰ, চিকিৎসাৰ বাবে উদ্যোগ লোৱাৰ বিপৰীতে বাহনৰ ক্ষতিৰ বুজ লোৱাতহে ব্যস্ত হৈ থাকিল সাংসদ, হাস্পতালত মৃত্যু

নিউজ ডেস্কঃ এগৰাকী বিজেপি সাংসদৰ বাহনৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এটি ৯ বছৰীয়া স্কুলীয়া ছাত্ৰই।

এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত।

শনিবাৰে উত্তৰ প্ৰদেশৰ বস্তি জিলাৰ পেটেলচ’কৰ সমীপত বিজেপি সাংসদ হৰিশ দ্বিবেদীৰ বাহনে দ্বিতীয় শ্ৰেণীৰ ছাত্ৰজনক খুন্দা মৰাৰ ফলত ছাত্ৰজন গুৰুতৰভাৱে আহত হয়।

লগে লগে ছাত্ৰজনক নিকটৱৰ্তী হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

আনহাতে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত বিজেপি সাংসদ হৰিশ দ্বিৱেদীয়ে শিশুটিৰ চিকিৎসাৰ বাবে উদ্যোগ গ্ৰহণৰ বিপৰীতে তেওঁৰ বাহনখন কিমান ক্ষতিগ্ৰস্ত হৈছে সেয়া চোৱাতহে ব্যস্ত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে।

ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

বিজেপি সাংসদজনৰ এনে আচৰণত ক্ষুণ্ণ হৈ পৰিছে অনেক লোক।

আৰক্ষীৰ সূত্ৰ অনুসৰি শনিবাৰে বস্তি জিলাৰ পেটেলচাকৰ সমীপৰ বাসিয়া গাঁৱত সংঘটিত হয় এই দুৰ্ঘটনা।

বিজেপি সাংসদ হৰিশ দ্বিবেদীৰ কনভয়ৰ গাড়ীৰ খুন্দাত দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ অভিষেক ৰাজভৰৰ মৃত্যু হয়।

ইফালে ছাত্ৰজনৰ মৃত্যুৰ বাবে বিজেপি সাংসদজনক জগৰীয়া কৰি থানাত লিখিত এজাহাৰ দাখিল কৰে পৰিয়ালটোৱে।

কিন্তু পৰিয়ালৰ অভিযোগ সত্ত্বেও এতিয়ালৈকে সাংসদগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে।

ইফালে এই ঘটনাৰ চিচিটিভি ফুটেজ ছ’চিয়েল মিডিয়াত বিয়পি পৰে।