fbpx
অসমীয়াঅসম

মৰ্মান্তিক! বাসন্তী পূজাৰ পৰা ওভতাৰ পথতে সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা, বাইক আৰোহী দুই বন্ধুৰ মৃত্যু…

নিউজ ডেস্কঃ পূজা থলীৰ পৰা নিশা ওভতাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল দুই বন্ধুৱে।

বৃহস্পতিবাৰে নিশা এই মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয় চাপৰৰ শালকোচাত।

দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী যুৱকক গৌৰাং নগৰৰ নিৱাসী দেৱজিৎ ৰায় (২৭) আৰু আগমণিৰ নিৱাসী পৱন চৌধুৰী (৩২) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, শালকোচাৰ এটা ইটা উদ্যোগত কৰ্মৰত দুই বন্ধুৱে বৃহস্পতিবাৰে বাসন্তী পূজালৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল।

নিশা তেওঁলোকে পূজা থলীৰ পৰা এএছ ১৭এন ৩১৫৮ নম্বৰৰ বাইকেৰে ঘৰলৈ উভতি অহাৰ সময়তে হাপাপাৰস্থিত গড়কাপ্তানী পথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এজোপা গছত খুন্দা মাৰে।

দুৰ্ঘটনাটোৰ ফলত থিতাতে মৃত্যুক সাৱটি লয় দেৱজিৎ আৰু পৱনে।

জানিব পৰা মতে, দেৱজিতৰ এটি ৫ মহীয়া কন্যা সন্তান থকাৰ বিপৰীতে পৱনৰ আছে ৬ মহীয়া সন্তান।

যুৱক দুজনৰ মৃত্যুৱে শোকস্তব্ধ কৰিছে তেওঁলোকৰ পৰিয়ালৰ লগতে সকলো অঞ্চলবাসীক।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!