fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! বান্ধৱীৰ সৈতে বাছষ্টেণ্ডত বাছৰ বাবে অপেক্ষা কৰি থাকোতেই মহটিয়াই নিলে তীব্ৰবেগী বাহনে, মৃত্যু স্নাতকোত্তৰৰ ছাত্ৰীৰ…

নিউজ ডেস্কঃ কলেজৰ পৰা উভতি অহাৰ পৰত বান্ধৱীৰ সৈতে বাছষ্টেণ্ডত থিয় হৈ বাছৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে এখন নিয়ন্ত্ৰণহীন চাৰিচকীয়া বাহনৰ খুন্দাত অকাল মৃত্যুক সাৱটি ল’লে এগৰাকী ছাত্ৰীয়ে।

ইফালে তীব্ৰবেগী বাহনখনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় আন ১৬ জনো।

এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয় কেৰালাৰ কল্লামবালামত।

ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা বিলাসী বাহনখনৰ চালক তথা কোল্লামৰ নিৱাসী বিনু (৪৪)ক গ্ৰেপ্তাৰ কৰি হত্যাৰ গোচৰ ৰুজু কৰিছিল কল্লামবালাম আৰক্ষীয়ে।

ইফালে দুৰ্ঘটনাত নিহত ছাত্ৰীগৰাকীক আটিঙৰ নিৱাসী তথা কেটিচিটি আৰ্টছ কলেজৰ এম এ ইংৰাজী বিভাগৰ ছাত্ৰী শ্ৰেষ্ঠা এম বিজয় বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, বুধবাৰে বিয়লি প্ৰায় ৩.১৫ বজাত শ্ৰেষ্ঠাই আন বন্ধৱীৰ সৈতে কল্লামবালাম থানাৰ সন্মুখৰ বাছ ষ্টেণ্ডত বাছৰ বাবে অপেক্ষা কৰি আছিল।

সেই সময়তে দ্ৰুতবেগী বিলাসী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই শ্ৰেষ্ঠাৰ লগতে বাছষ্টেণ্ডত থিয় হৈ থকা যাত্ৰী সকলক মহটিয়াই নিয়ে।

যাৰ ফলত গুৰুতৰভাৱে আহত হয় শ্ৰেষ্ঠা আৰু আন ১৬ জন।

আহত সকলক লগে লগে হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে শ্ৰেষ্ঠাক মৃত ঘোষণা কৰে।

Related Articles

Back to top button