নিউজ ডেস্কঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে বানৰ সংহাৰী ৰূপ। বিশেষকৈ বৰাক উপত্যকাত এইবাৰ আতংকৰ সৃষ্টি কৰা বানে গৃহহাৰা কৰিছে হাজাৰ হাজাৰ পৰিয়ালক। বান আৰু ভূমিস্খলনৰ কবলত পৰি ইতিমধ্যে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ডেৰ শতাধিকজনে।
এনে সময়তে শিলচৰৰ কঁঠাল পইণ্টত বানত উপঙি থকা এটি কণমানি শিশুৰ মৃতদেহ উদ্ধাৰক লৈ শোকৰ বন্যা নামিছে সমগ্ৰ অঞ্চলটোত।

সোমবাৰে সন্ধিয়া কঁঠাল পইণ্ট এলেকাৰ জিলানী চৌধুৰী লেনত বানপানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় এটি ৪ বছৰীয়া শিশুৰ মৃতদেহ।
বানৰ উপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা শিশুটিৰ পৰিচয় শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ জিএনএম মল্লিকা বেগম আৰু মুক্তাৰ আলীৰ পুত্ৰ মাহমুদ ৰহমান বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, সোমবাৰে কৰ্তব্যৰ পৰা উভতি আহি ঘৰৰ কামত ব্যস্ত হৈ পৰে জিএনএম মল্লিকা বেগম। কিন্তু ক্ষন্তেক সময় পিছত তেওঁৰ ৪ বছৰীয়া সন্তানটোৰ কথা মনত পৰাত চৌদিশে বিচাৰি চলাথ কৰে যদিও সন্তানটোৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হয়।
ইয়াৰ পিছতে স্থানীয় লোকে পানীত উপঙি থকা অৱস্থাত শিশুটিক উদ্ধাৰ কৰে। লগে লগে শিশুটিক হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। মঙলবাৰে শিশুটিৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হয়।
উল্লেখ্য যে, মল্লিকা বেগম ডিব্ৰুগড়ৰ বাসিন্দা। তেওঁ শিলচৰৰ জিলানী লেনত পৰিয়ালসহ বাস কৰি আহিছে। মৃত সন্তান মাহমুদ পিতৃ-মাতৃৰ দ্বিতীয় সন্তান। মল্লিকা বেগমে কয় যে তেওঁ বাৰে বাৰে ডিব্ৰুগড় জিলালৈ বদলি হ’বলৈ চেষ্টা কৰিছিল আৰু বিফল হৈছিল। শেষত তেওঁ এটা সন্তান হেৰুৱাই পেলালে।