মৰ্মান্তিক! বানত উটি যোৱা আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ মৃতদেহ উদ্ধাৰ…

ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিৰ মাজতে দেওবাৰে নিশা নগাঁও জিলাৰ কামপুৰত সংঘটিত হয় শোকাৱহ ঘটনা।

বলিয়া বানে উটুৱাই নিয়ে কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্বল কাকতি আৰু কনিষ্টবল ৰাজীৱ বৰদলৈক।

image 162
কনিষ্টবল ৰাজীৱ বৰদলৈ

ইয়াৰ পিছতে এছডিআৰএফে অভিযান চলাই কনিষ্টবল ৰাজীৱ বৰদলৈৰ মৃতদেহ উদ্ধাৰ কৰে যদিও সোমবাৰে পুৱালৈ সন্ধান উলোৱা নাছিল কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমুজ্বল কাকতিৰ।

অৱশেষত উদ্ধাৰ হয় বানত উটি যোৱা আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ মৃতদেহ।

image 161
সমুজ্জ্বল কাকতি

SDRFয়ে উদ্ধাৰ কৰে সমুজ্জ্বল কাকতিৰ মৃতদেহ। সমুজ্জ্বল কাকতিৰ ঘৰ চাংসাৰিত।

নিশা বন্যাৰ্তক উদ্ধাৰ কৰিবলৈ গৈ পানীত উটি গৈছিল দুই আৰক্ষী।

দেওবাৰে নিশা কামপুৰ চহৰৰ পাচনিঝাৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সমীপত কােনাে লােক বানত আবদ্ধ হৈ থকাৰ খবৰ লাভ কৰি উদ্ধাৰৰ বাবে যোৱাৰ সময়তে এই শোকাৱহ ঘটনা সংঘটিত হৈছে।

20 06 22 Nagaon paying last tribute to SI Sammujal Kakoti and constable Rajib Bordoloi 2
BY UB Photos

জানিব পৰা মতে, কনিষ্টবল ৰাজীৱ বৰদলৈৰ প্ৰাণৰক্ষা কৰিবলৈ পানীত জাপ দিছিল ভাৰপ্ৰাপ্ত বিষয়া সমুজ্বল কাকতিয়ে।

পিছে কপিলী আৰু নিশাৰী নৈৰ পৰা সৃষ্ট সংহাৰী বানৰ কোবাল সোঁতে উটুৱাই নিয়ে দুয়োকে।

লগতে চাওকঃ

বন্যাৰ্তক উদ্ধাৰ কৰিবলৈ গৈ বানত উটি গল কামপুৰ থানাৰ OC আৰু কনিষ্টবল

G1 21
মৰ্মান্তিক! বানত উটি যোৱা আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ মৃতদেহ উদ্ধাৰ... 5