মৰ্মান্তিক! বাছ আৰু অটােৰিক্সাৰ সংঘৰ্ষত ১২ অংগনৱাড়ী কৰ্মীসহ ১৩ জনৰ মৃত্যু

March 23, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক মৰ্মান্তিক ঘটনা। বাছৰ সৈতে অটােৰিক্সাৰ মুখামুখি সংঘৰ্ষত নিহত হ’ল ১৩ জন লােক। ইয়াৰে ১২ জনেই মহিলা।

মংগলবাৰে পুৱা মধ্যপ্ৰদেশৰ গোৱালিয়ৰত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনা।

এই দুৰ্ঘটনাত ১২ গৰাকী মহিলাসহ ১৩ জন লোকৰ কৰুণ মৃত্যু হয়। দুৰ্ঘটনাৰ পিছতেই স্থানীয় আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত।

ঘটনা অনুসৰি, পুৱা ৭ বজাত অংগনৱাড়ী কেন্দ্ৰত আহাৰ ৰান্ধি অটোৰিক্সাত ঘূৰি আহোঁতে অল্ড ছাৱনী নামৰ ঠাইত বাছৰ লগত সংঘৰ্ষ হয় অটোৰিক্সা খনৰ।

এই দুৰ্ঘটনাত অটোৰিক্সা খনত যোৱা মহিলা কেইগৰাকীৰ মৃত্যু হোৱাৰ লগতে চালক জনৰো মৃত্যু হয়।

গোৱালিয়ৰৰ আৰক্ষী অধীক্ষক অমিত শংঘীয়ে জনোৱা অনুসৰি, ৮ গৰাকী মহিলা আৰু অটোৰিক্সা চালকজন ঘটনাস্থলীতে নিহত হোৱাৰ বিপৰীতে বাকী কেইজনৰ চিকিৎসালয়ত মৃত্যু হয়।

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই ঘটনাৰ বাবে শোক প্ৰকাশ কৰে। তেওঁ নিহত সকলৰ পৰিয়াললৈ ৪ লাখ টকা আৰু আহত সকললৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰিছে।

এই দুৰ্ঘটনাত নিহত মহিলা কেইগৰাকীৰ নাম হৈছেঃ অনিতা পাল, আশা পাল, উষা যাটৱ, কমলা পাল, গীতা ৰাথৌৰ, বিট্টী পাল, ৰাজিন্দৰী পাল, লক্ষ্মী দেৱী, মুন্নী পাল।

লগতে চাওকঃ

হিমস্খলনত বৰফৰ মাজত আবদ্ধ হৈ পৰা ট্ৰাক চালকৰ প্ৰাণৰক্ষা সীমান্ত পথ সংস্থাৰ কৰ্মীৰ… চাওক ভিডিঅ’

সুৰা সৰবৰাহকাৰীৰ অভিনৱ কৌশল দেখি হতবাক আনন্দ মহিন্দ্ৰা! ক’লে এই কথা…

আমাৰ পৰিয়াল নাই, সেয়ে আমি দুৰ্নীতি নকৰােঁঃ দেশৰ প্ৰথমগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থীৰ প্ৰতিশ্ৰুতি

মাওবাদীয়ে IED বােমাৰে উৰুৱালে নিৰাপত্তা বাহিনীৰ বাছ! শ্বহীদ ৪ জােৱান, আহত ১৪