মৰ্মান্তিক! বাছৰ বাবে অপেক্ষাৰত যাত্ৰীক মহটিয়াই লৈ গ’ল দ্ৰুতবেগী নিয়ন্ত্ৰণহীন ডাম্পাৰে, ৭ জনৰ মৃত্যু

নিউজ ডেস্কঃ নিশা পথৰ দাঁতিত বাছৰ বাবে অপেক্ষা কৰি থকা কেইবাজনো লোকক মহটিয়াই লৈ গ’ল এখন নিয়ন্ত্ৰণহীন ডাম্পাৰে।

এই ভয়ংকৰ দুৰ্ঘটনাত ৭ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় ১৬ জন লোক।

দেওবাৰে নিশা মধ্যপ্ৰদেশৰ ৰতলাম জিলাৰ সত্ৰুণ্ডা ছেক্সনত সংঘটিত হয় এই লোমহৰ্ষক দুৰ্ঘটনা।

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই শিহৰণকাৰী দুৰ্ঘটনাৰ ভিডিঅ’।

জানিব পৰা মতে, দেওবাৰে নিশা সত্ৰুণ্ডা ছেক্সনত পথৰ দাঁতিতে বাছৰ বাবে অপেক্ষা কৰি আছিল একাংশ যাত্ৰী।

সেই সময়তে তীব্ৰবেগত অহা এখন ডাম্পাৰৰ টায়াৰ ফাটি নিয়ন্ত্ৰণহীন হৈ পৰাত ডাম্পাৰখনে পথৰ কাষত ৰৈ থকা বহু লোকক মহটিয়াই লৈ যায়।

দুৰ্ঘটনাত ৬ জন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন এজনৰ হাস্পতাললৈ নিয়াৰ পথত মৃত্যু ঘটে।

এই দুৰ্ঘটনাত আহত ৯ জন বৰ্তমান ইন্দোৰৰ হাস্পতালত চিকিৎসাধীন হৈ আছে।

নিহত সকলৰ ৬ জনৰ চিনাক্ত কৰা হৈছে যদিও এগৰাকী মহিলাৰ এতিয়াও চিনাক্তকৰণ হোৱা নাই।

ইফালে দুৰ্ঘটনাটোত শোক ব্যক্ত কৰি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে নিহত সকলৰ পৰিয়াললৈ ২ লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ ঘোষণা কৰিছে।

অন্যহাতে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ চালক জনকো জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে।