মৰ্মান্তিক! বহিঃৰাষ্ট্ৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যু ৯ ভাৰতীয়সহ ১০ শ্ৰমিকৰ

নিউজ ডেস্ক। মালদ্বীপৰ ৰাজধানী মালেত বৃহস্পতিবাৰে এটা বিদেশী শ্ৰমিকৰ আবাসগৃহত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ১০ জন শ্ৰমিক নিহত হোৱাৰ লগতে আন বহুজন গুৰুতৰভাৱে আহত হয়।
নিহত সকলৰ ৯ জনেই ভাৰতীয় নাগৰিক হোৱাৰ বিপৰীতে আনজন বাংলাদেশী নাগৰিক বুলি জানিব পৰা গৈছে।

মালদ্বীপ প্ৰশাসনৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, আবাসগৃহটোৰ তলৰ মহলা থকা বাহন মেৰামতি কৰা এটা গেৰেজৰ পৰা সূত্ৰপাত ঘটে জুইৰ।
অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াই জানিবলৈ দিয়া মতে এই অগ্নিকাণ্ডৰ পিছত প্ৰায় ৪ ঘণ্টা ধৰি অভিযান চলাই উদ্ধাৰকাৰী দলে ১০ জনৰ মৃতদেহ উদ্ধাৰ কৰে।
আহত সকলক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হয়।
When are they going to do something abt the housing crisis in the Male'. 11people died in that fire. Immigrants don't have rights in the #Maldives #MaleCity. We need better tenancy laws. Companies should not be allowed to pack humans into those tiny rooms. Where is the humanity. pic.twitter.com/e7dSi9s23T
— ɪʙʀᴀʜɪᴍ ᴍᴏʜᴀᴍᴇᴅ (ibu) (@ibumohd) November 11, 2022
এই ভয়ংকৰ অগ্নিকাণ্ডক লৈ শোক প্ৰকাশ কৰিছে মালদ্বীপস্থিত ভাৰতীয় উচ্চায়ুক্তই।
নিহত ভাৰতীয় নাগৰিক কেইজনৰ মৃতদহে ভাৰতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে।