মৰ্মান্তিক! বহিঃৰাজ্যত বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱালে অসমৰ দুই পিতা-পুত্ৰই

নিউজ ডেস্কঃ বহিঃৰাজ্যত সংঘটিত এক বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱালে অসমৰ দুই পিতা-পুত্ৰই। কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ ভঙা-ছিঙা সামগ্ৰী সংগ্ৰহৰ ব্যৱসায়ৰে জড়িত বৰপেটা জিলাৰ নিৱাসী পিতা-পুত্ৰই মৃত্যুক সাৱটি লয় কেৰালাৰক কুন্নুৰত।

photo1657185108
মৰ্মান্তিক! বহিঃৰাজ্যত বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱালে অসমৰ দুই পিতা-পুত্ৰই 3

জানিব পৰা মতে, বুধবাৰে বিয়লি কেৰালাৰ কুন্নুৰ জিলাৰ মাট্টান্নুৰৰ কাছিমক্কুত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা। এই বিস্ফোৰণত সেই অঞ্চলটোত ভাড়াতীয়া হিচাপে থকা অসমৰ দুই পিতা-পুত্ৰৰ মৃত্যু ঘটে।

bomb blast keraala
মৰ্মান্তিক! বহিঃৰাজ্যত বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱালে অসমৰ দুই পিতা-পুত্ৰই 4

নিহত দুয়োজনক ফজল হক (৪৫) আৰু তেওঁৰ চাহিদুল হক (২২) বুলি চিনাক্ত কৰা হৈছে। বাতৰি অনুসৰি, বিস্ফোৰণৰ ফলত ফজল হকৰ ঘটনাস্থলীতে মৃত্যু ঘটে যদিও চাহিদুল হকক হাস্পতাললৈ নি থকাৰ পথতে মৃত্যু ঘটে।

বুধবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত বিস্ফোৰণ ঘটা বোমাটো এটা ষ্টীল বোমা আছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত কেৰেলা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।