মৰ্মান্তিক! বলপূৰ্বকভাৱে বিয়া পাতি দিয়াৰ বাবেই বিয়াৰ নিশাই চৰম সিদ্ধান্ত ল’লে নাগ্ৰীজুলিৰ ধনঞ্জয়ে

নিউজ ডেস্কঃ ইচ্ছাৰ বিৰুদ্ধে জোৰ কৰি বিয়া পাতি দিয়াৰ বাবেই বিয়াৰ নিশাই জীৱনৰ শেষ সিদ্ধান্ত বাচি ল’লে এজন যুৱকে। এই ঘটনাই শোকৰ ছাঁ পেলাইছে তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত।

জানিব পৰা মতে, নাগ্ৰীজুলি আৰক্ষী থানাৰ অন্তৰ্গত জয়পুৰ গাঁৱৰ ধনঞ্জয় দাস নামৰ যুৱকজনে বিয়াৰ নিশাই চিপ লৈ আত্মহত্যা কৰে। অভিযোগ অনুসৰি, একাংশ লোকে ৰিয়া নামৰ এগৰাকী যুৱতীৰ সৈতে ধনঞ্জয়ৰ বলপূৰ্বক বিয়া পাতি দিয়াৰ বাবেই এই চৰম সিদ্ধান্ত লয় যুৱকজনে।

ধনঞ্জয় দাসৰ পৰিয়ালে সদৰী কৰা মতে, একে গাঁৱৰে ৰিয়া দাস নামৰ এগৰাকী যুৱতীৰ সৈতে কিছুদিনৰ প্ৰেমৰ সম্পৰ্ক আছিল ধনঞ্জয় দাসৰ। কিন্তু ৰিয়াৰ আন যুৱকৰ সৈতেও প্ৰেমৰ সম্পৰ্কৰ কথা জানিব পাৰি পিছত ৰিয়াৰ পৰা নিজকে আঁতৰাই ৰাখিছিল ধনঞ্জয়ে।

কিন্তু শনিবাৰে কেইজনমান লোকে ধনঞ্জয়ক কৰ্মস্থলীৰ পৰাই টানি আজুৰি আনি ৰিয়াৰ সৈতে বলপূৰ্বকভাৱে বিয়া পাতি দিয়ে। যাৰ পৰিণতিত নিশাই ঘৰৰ পিছৰ বাঁহনীত জীৱনটো শেষ কৰি পেলায় যুৱকজনে।

photo1662367656
মৰ্মান্তিক! বলপূৰ্বকভাৱে বিয়া পাতি দিয়াৰ বাবেই বিয়াৰ নিশাই চৰম সিদ্ধান্ত ল’লে নাগ্ৰীজুলিৰ ধনঞ্জয়ে 2

ইফালে ধনঞ্জয়ৰ পৰিয়ালৰ অভিযোগ অনুসৰি, পূৰ্বেও তিনিবাৰকৈ বিবাহ পাশত আৱদ্ধ হৈছিল ৰিয়া নামৰ যুৱতীগৰাকী। ৰিয়াৰ চৰিত্ৰ স্খলনৰ বিষয়ে জানিব পাৰিয়েই শেষত প্ৰেমৰ সম্পৰ্ক চিন্ন কৰি আঁতৰি আহিছিল ধনঞ্জয়ে।

পুৱা বাঁহনীৰ মাজত চিপ লৈ থকা অৱস্থাত গাঁওবাসীয়ে ধনঞ্জয়ৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছতে নাগ্ৰীজুলি আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

কাৰ ভুলৰ বাবে এনেদৰে এজন চফল যুৱকে মৃত্যুৰ দৰে পথ বাচি ল’বলগীয়া হ’ল সেয়া অৱশ্যেই এতিয়াও ৰহস্য হৈয়ে আছে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। অন্যহাতে এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।