মৰ্মান্তিক! বনৰীয়া ম’হৰ আক্ৰমণত শ্ৰমিকৰ মৃত্যু, চাহ শ্ৰমিকৰ প্ৰতিবাদত ৰাজপথত আৱদ্ধ মন্ত্ৰী অতুল বৰাৰ কনভয়

নিউজ ডেস্কঃ বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া ম’হৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এজন লোকে। এই শোকাবহ ঘটনা সংঘটিত হৈছে বুঢ়াপাহাৰ চাহ বাগিচাত। জানিব পৰা মতে, কাজিৰঙাৰ পৰা ওলাই অহা এটা বনৰীয়া ম’হৰ আক্ৰমণত নিহত হয় বাগিচা খনৰ চাহ শ্ৰমিক নিগ্ৰো ওৰাং নামৰ এজন লোকৰ।

ইফালে ব্যক্তিজনৰ মৃত্যুৰ পিছতে ক্ষুব্ধ সহস্ৰাধিক চাহ শ্ৰমিকে ব্যক্তিজনৰ মৃতদেহ লৈ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰে। যাৰ ফলত কলিয়াবৰৰ নহৰুবস্তিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় তিনি ঘণ্টা ধৰি আৱদ্ধ হৈ পৰে শ শ বাহন।

photo1659357552
মৰ্মান্তিক! বনৰীয়া ম’হৰ আক্ৰমণত শ্ৰমিকৰ মৃত্যু, চাহ শ্ৰমিকৰ প্ৰতিবাদত ৰাজপথত আৱদ্ধ মন্ত্ৰী অতুল বৰাৰ কনভয় 3

উল্লেখ্য যে, চাহ শ্ৰমিকৰ এই প্ৰতিবাদৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ পৰে গুৱাহাটী অভিমুখী মন্ত্ৰী অতুল বৰাৰ কনভয়ো। যাৰ ফলত গাড়ীৰ পৰা নামি আহি বন বিভাগ তথা চাহ শ্ৰমিকৰ সৈতে মত বিনিময় কৰি ঘটনাৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে।

photo1659357583
মৰ্মান্তিক! বনৰীয়া ম’হৰ আক্ৰমণত শ্ৰমিকৰ মৃত্যু, চাহ শ্ৰমিকৰ প্ৰতিবাদত ৰাজপথত আৱদ্ধ মন্ত্ৰী অতুল বৰাৰ কনভয় 4

মন্ত্ৰী অতুল বৰাই ঘটনাৰ বুজ লোৱাৰ পিছত কাজিৰঙাৰ সঞ্চালক, কাজিৰঙাৰ বন সংমণ্ডল বিষয়াৰ লগতে নগাঁও বন সংমণ্ডল বিষয়াক ফোন কৰি ঘটনাস্থলীত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়ে। ৰাজপথত প্ৰায় এঘণ্টা ধৰি আৱদ্ধ হৈ পৰা মন্ত্ৰী বৰাই ৰাজপথৰ ওপৰতে নিহত শ্ৰমিক নিগ্ৰো ওৰাঙৰ নশ্বৰ দেহত গামোছা দি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।