মৰ্মান্তিক! বন্ধুৰ ভগ্নীক কলেজ হোষ্টেলৰ পৰা নিবলৈ অহাৰ পথতে টায়াৰ ফাটি ট্ৰাকত খুন্দা চাৰিচকীয়া বাহনৰ, ২ বন্ধুৰ মৃত্যু

নিউজ ডেস্কঃ বন্ধুৰ ভগ্নীক কলেজ হোষ্টেলৰ পৰা নিবলৈ অহাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল দুই বন্ধুৱে।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে আন এজন যুৱক।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে তামিলনাডুৰ থেনিৰ সমীপত।

দুৰ্ঘটনাত নিহত যুৱক দুজনক কেৰালাৰ কোট্টায়ামৰ নিৱাসী আজেশ (২৩) আৰু গকুল (২৩) বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাত আহত জনক আনন্দ ভি ৰাজেশ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, তামিলনাডুৰ এখন কলেজত অধ্যয়নৰত আনন্দৰ ভগ্নীক হোষ্টেলৰ পৰা ঘৰলৈ নিবলৈ চাৰিচকীয়া বাহন লৈ আহিছিল ৩ বন্ধু।

পুৱা প্ৰায় ৩.৩০ বজাত তেওঁলোকে আহি থকা সময়তে বাহনখনৰ পিছফালৰ এটা টায়াৰ ফাটি যোৱাত বাহনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকত খুন্দা মাৰে।

যাৰ ফলত থিতাতে মৃত্যু ঘটে আজেশ আৰু গকুল নামৰ যুৱক দুজনৰ।

ইফালে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত আনন্দক থেনিৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।