মৰ্মান্তিক! বন্ধুৰ বিয়াৰ বৰযাত্ৰী হৈ নাচি থাকোতেই আকস্মিকভাৱে ঢলি পৰি মৃত্যু ৩২ বৰ্ষীয় অভয়ৰ…

নিউজ ডেস্কঃ আকৌ আনন্দৰ মুহূৰ্তত নাচি নাচি আকস্মিকভাৱে মৃত্যুৰ শীতল কোলাত শুই পৰিল আন এজন ব্যক্তি।

শেহতীয়াকৈ সমগ্ৰ দেশত বৃদ্ধি পোৱা আকস্মিক মৃত্যুৰ ঘটনাৰ মাজতে এইবাৰ মধ্যপ্ৰদেশৰ ৰেৱাত বন্ধুৰ বিবাহ অনুষ্ঠানত নাচি থাকোতেই আকস্মিকভাৱে মৃ্ত্যুক সাৱটি লয় এজন ৩২ বৰ্ষীয় যুৱকে।

বিয়াৰ শোভাযাত্ৰাত বেণ্ডপাৰ্টীৰ তালে তালে নাচি থাকোতেই হৃদৰোগত আক্ৰান্ত হৈ ঢলি পৰে অভয় সচান নামৰ যুৱকজন।

লগে লগে যুৱকজনক সঞ্জয় গান্ধী মেম’ৰিয়েল হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে অভয়ক।

জানিব পৰা মতে, মৃত অভয়ৰ ঘৰ উত্তৰ প্ৰদেশৰ কানপুৰৰ হন্সপুৰমৰ এজি আৱাস বিকাশ কলনীত।

দৰাৰ বন্ধু অভয়ে বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কানপুৰৰ পৰা ৰেৱালৈ আহিছিল। বুধবাৰে নিশা অন্য বৰযাত্ৰীৰ সৈতে তেওঁ বিবাহৰ আনন্দত নাচি থাকোতে সংঘটিত হয় এই অঘটন।