নিউজ ডেস্কঃ বন্ধুৰ ঘৰত আয়োজিত এক পাৰ্টিৰ পৰা নিশা উভতি অহাৰ পথতে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে তিনিজন যুৱকে।
এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে কেৰালাৰ আলাপ্পুজাৰ আৰোৰত।
দেওবাৰে পুৱতি নিশা তিনি যুৱকে বাইকেৰে আহি থকা সময়ত ৰাষ্ট্ৰীয় ঘাইপথ ৬৬ৰ কেলট্ৰন জংচনৰ ওচৰত ৰখাই থোৱা এখন স্কুল বাছত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে খুন্দা মৰাত তিনি বন্ধুৰ ঘটনাস্থলীয়ে মৃত্যু ঘটে।

নিহত যুৱক কেইজনক কে ভি অভিজিত (২৩), বিজয় ভাৰ্গেজ (২১) আৰু এলভিন (২১) বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীয়ে সদৰী কৰা মতে, তিনি বন্ধুৱে আলাপ্পুজাৰৰ এজন বন্ধুৰ ঘৰত আয়োজিত এক পাৰ্টিৰ পৰা নিশা প্ৰায় ১ বজাত উভতি অহাৰ পথতে সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা।
পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ যুৱক কেইজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।