মৰ্মান্তিক! বনভোজৰ পৰা উভতি অহাৰ পথতে নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা বাগৰি পৰিল ছাত্ৰ-ছাত্ৰীৰ বাছ, দুজনৰ মৃত্যু

নিউজ ডেস্কঃ বনভোজৰ পৰা উভতি অহাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুগৰাকী ছাত্ৰই।

দেওবাৰে সন্ধিয়া এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাত।

জানিব পৰা মতে, দেওবাৰে মুম্বাইৰ চেম্বুৰৰ এটা কোচিং ইনষ্টিটিউটৰ ৪৮ গৰাকী ছাত্ৰ আৰু দুগৰাকী শিক্ষকে লোনাভালালৈ বনভোজ খাবলৈ গৈছিল।

সন্ধিয়া তেওঁলোকে বনভোজস্থলীৰ পৰা উভতি অহাৰ সময়তে ৰায়গড়ৰ পুৰণি মুম্বাই-পুনে ঘাইপথৰ খোপোলিত তেওঁলোকৰ বাছখন পাহাৰৰ পৰা বাগৰি পৰে।

এই দুৰ্ঘটনাত দুজন ছাত্ৰৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন কেইবাজনো গুৰুতৰভাৱে আহত হয়।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত ছাত্ৰ কেইজনক হাস্পতাললৈ প্ৰেৰণ কৰে।

আহত ৩ জনৰ অৱস্থা বৰ্তমানো সংকটজনক বুলি জানিব পৰা গৈছে।

নিহত দুৃয়োজন ছাত্ৰ দশম শ্ৰেণীত অধ্যয়নৰত আছিল বুলি জানিব পৰা গৈছে।