মৰ্মান্তিক! বদলিৰ পিছত কৰ্তব্যত যোগদানৰ বাবে আহি থকা সময়তে ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ৩ গৰাকী শিক্ষকসহ ৪ জনৰ…

নিউজ ডেস্কঃ শুকুৰবাৰে পুৱা পঞ্জাৱৰ ফিৰোজপুৰৰ সমীপত এখন চাৰিচকীয়া বাহন আৰু যাত্ৰীবাহী বাছৰ মাজত সংঘটিত ভয়ংকৰ সংঘৰ্ষত তিনিগৰাকী শিক্ষকসহ মৃত্যু ঘটে ৪ জন লোকৰ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ফিৰোজপুৰ জিলাৰ খাই ফেমে কী গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, ফাজিলকা জিলাৰ জালালাবাদৰ পৰা টাৰ্ণ তৰণ জিলাৰ চৰকাৰী বিদ্যালয়ত নিযুক্তি লাভ কৰা ১৩ গৰাকী শিক্ষকে পুৱা এখন ফৰ্চ ট্ৰেক্স লেণ্ড ক্ৰুজাৰ বাহেনেৰে গৈ থকা সময়তে পঞ্জাৱ ৰোডৱেজৰ এখন বাছৰ সৈতে সংঘৰ্ষ ঘটে।

এই ভয়ংকৰ দুৰ্ঘটনাত তিনিগৰাকী শিক্ষক আৰু বাহন চালকজনৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন ১০ গৰাকী শিক্ষক গুৰুতৰভাৱে আহত হয়।

নিহত শিক্ষক কেইগৰাকীক কাঞ্চন, প্ৰিন্স আৰু মনিন্দৰ আৰু বাহন চালকজনক অশোক কুমাৰ বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰা বাছ চালকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।