fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! পৰিয়ালৰ সদস্যৰ চিকিৎসা কৰি হাস্পতালৰ পৰা ওভতাৰ পথতে দুৰ্ঘটনা, নৱ বিবাহিত দম্পতীসহ মৃত্যু ৪ জনৰ…

নিউজ ডেস্কঃ অসুস্থ পৰিয়ালৰ এজন সদস্যক হাস্পতালৰ পৰা ঘৰলৈ লৈ অনাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এহাল নৱবিবাহিত দম্পতীসহ চাৰিজন লোকে।

একেটা পৰিয়ালৰ ৩ সদস্যৰ লগতে চালকৰ প্ৰাণ কাঢ়ি নিয়া এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় মধ্যপ্ৰদেশৰ ছিউনী জিলাৰ বাইপাছ ৰোডত।

image 47

জানিব পৰা মতে, মঙলবাৰে পৰিয়ালটোৱে পৰিয়ালৰ এজন অসুস্থ সদস্যক হাস্পতালৰ পৰা ঘৰলৈ আনি থকাৰ সময়ত তেওঁলোকৰ বাহনত প্ৰচণ্ড জোৰে খুন্দা মাৰে বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগী ট্ৰাকে।

এই দুৰ্ঘটনাত ৪ জন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আন দুজন লোক।

ছিওনী জিলাৰ লখনাদোন আৰক্ষী থানাৰ তথ্য অনুসৰি নগানদেবৰী, সুহাগপুৰ আৰু ছালাইয়া গাঁৱৰ ৬ জন বাসিন্দাই গাড়ীৰে নাগপুৰলৈ গৈ পৰিয়ালৰ সদস্যক চিকিৎসা কৰিবলৈ গৈছিল। মঙলবাৰে সন্ধিয়া তেওঁলোকে নাগপুৰৰ পৰা নিজ গাঁৱলৈ উভতি আহিছিল।

image 48

সন্ধিয়া প্ৰায় ৭.৩০ বজাত লখনাদোনৰ ভিতৰৰ পৰা বাইপাছৰ টাৰ্ণ পোৱাৰ লগে লগে সন্মুখৰ পৰা মটৰ ভৰ্তি ট্ৰাক এখনে গাড়ীখনত জোৰকৈ খুন্দা মাৰে।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে গাড়ীখনৰ টুকুৰা-টুকুৰ হৈ পৰে।

দুৰ্ঘটনাটোৰ পিছতে গাড়ীখনত আবদ্ধ হৈ পৰে একাংশ লোক।

এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসাৰ বাবে লখনাদন চিকিৎসালয়ত ভৰ্তি কৰে।

একে সময়তে মৃতকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি গোচৰৰ তদন্ত আৰম্ভ কৰা হৈছে।

image 49

দুৰ্ঘটনাত নিহত সকলক নগানদেৱী গাঁৱৰ নিবাসী সন্তোষ তিৱাৰী (৪২), সুহাগপুৰ গাঁৱৰ বাসিন্দা শিৱি তিৱাৰী (১৯), শিৱিৰ পত্নী আঞ্চল তিৱাৰী (২৫)ৰ লগতে চালক সলাইয়া গাঁৱৰ বাসিন্দা বিছু নেমা (২৫) বুলি চিনাক্ত কৰা হৈছে।

ইফালে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় নগানদেৱীৰ নিৱাসী সৌম্যা (১৭) আৰু অভিষেক (২৫)।

আহত সৌম্যাৰ অৱস্থা অধিক সংকটজনক বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, মাত্ৰ ১০ মাহ পূৰ্বে সামাজিক ৰীতি-নীতিৰে বিবাহ পাশত আৱদ্ধ হৈছিল শিৱি আৰু আঞ্চল।

কিন্তু যুগ্ম জীৱনৰ সপোন যেন পূৰণ নহ’ল তেওঁলোকৰ। মাত্ৰ ১০ মহীয়া সুখৰ সংসাৰ ত্যাগ কৰি একেলগে মৃত্যুক সাৱটি ল’বলগীয়া হয় নৱ বিবাহিত দম্পতীহালে।

Related Articles

Back to top button