মৰ্মান্তিক! প্ৰচণ্ড ভূমিস্খলনৰ ফলত দুই কণমানি পুত্ৰক বুকুত সাৱটি মৃত্যু মাতৃৰ

নিউজ ডেস্কঃ দুই সন্তানক বুকুত সাৱটি প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰকী মাতৃয়ে।

ধাৰাসাৰ বৰষুণৰ ফলত সংঘটিত প্ৰচণ্ড ভূমিস্খলনত নিশা শুই থকা অৱস্থাতে মহিলাগৰাকীৰ লগতে দুই সন্তানৰ।

এই শোকাবহ ঘটনা সংঘটিত হৈছে ছিকিমৰ গেংটকৰ সমীপত।

p1 10
মৰ্মান্তিক! প্ৰচণ্ড ভূমিস্খলনৰ ফলত দুই কণমানি পুত্ৰক বুকুত সাৱটি মৃত্যু মাতৃৰ 3

জানিব পৰা মতে, সোমবাৰে মাজনিশা ডোমা শ্বেৰপা (২৭) নামৰ মহিলাগৰাকীয়ে ৰংগেই ডোকান দাৰাত থাকা তেওঁলোকৰ সৰু জুপুৰীটোত শুই থকা অৱস্থাতে পাহাৰৰ মাটি খহি গোটেই ঘৰটো পুতি পেলায়।

যাৰ ফলত মহিলাগৰাকীৰ লগতে তেওঁৰ ক্ৰমে ৮ বছৰীয়া আৰু ৭ মহীয়া পুত্ৰ সন্তানটোৰো মৃত্যু ঘটে।

উদ্ধাৰকাৰী দলটোৰ সৈতে সেই স্থানত উপস্থিত হোৱা গেংটকৰ মহকুমা দণ্ডাধীশ ৰবীন সেৱাই জানিবলৈ দিয়া মতে, পুৱা ধ্বংসস্তূপৰ মাজৰ পৰা তিনিওটা মৃতদেহ উদ্ধাৰ কৰা হয়।

জানিব পৰা মতে, মহিলাগৰাকীৰ স্বামী বিমল মংগৰ পেছাত এগৰাকী চালক হিচাপে পশ্চিমবংগৰ শিলিগুৰিত কৰ্মৰত হৈ আছে।

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত তেওঁক খবৰ দিয়া হৈছে বুলিও আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

উল্লেখ্য যে, ছিকিম আৰু দাৰ্জিলিং আৰু কালিম্পং পাহাৰকে ধৰি উত্তৰ বংগৰ বৃহৎ অঞ্চলত যোৱা কেইদিনমানৰ পৰা প্ৰচণ্ড বৰষুণ হোৱাৰ ফলত একাধিক স্থানত ভূমিস্খলনৰ সৃষ্টি হৈছে।

লগতে চাওকঃ

আম কাণ্ড! দিছপুৰ সমষ্টিৰ বিধায়কলৈ কুৰিয়াৰযোগে কােনে প্ৰেৰণ কৰিলে আম?

G1 25
মৰ্মান্তিক! প্ৰচণ্ড ভূমিস্খলনৰ ফলত দুই কণমানি পুত্ৰক বুকুত সাৱটি মৃত্যু মাতৃৰ 4