মৰ্মান্তিক! প্ৰচণ্ড জাৰৰ বাবে বিদ্যালয়ৰ শ্ৰেণীকোঠাতে হৃদক্ৰিয়া বন্ধ হৈ অকাল মৃত্যু অষ্টম শ্ৰেণীৰ ছাত্ৰী ৰিয়াৰ…

নিউজ ডেস্কঃ সমগ্ৰ দেশত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা আকস্মিক মৃত্যুৰ ঘটনাৰ মাজতে আন এক দুঃসংবাদ!

এইবাৰ বিদ্যালয়ৰ শ্ৰেণীকোঠাতে আকস্মিকভাৱে ঢলি পৰি অকাল মৃত্যুক সাৱটিলে এগৰাকী অষ্টম শ্ৰেণীৰ মেধাৱী ছাত্ৰীয়ে।

এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে গুজৰাটৰ ৰাজকোটত।

ছাত্ৰীগৰাকীৰ মৃত্যুক গুৰুত্ব সহকাৰে লৈ বিদ্যালয় কৰ্তৃপক্ষৰ পৰা প্ৰতিবেদন বিচাৰিছে ৰাজ্য চৰকাৰেও।

জানিব পৰা মতে, শুকুৰবাৰে পুৱা প্ৰায় ৭ বজাত ৰাজকোটৰ জাছানী স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী ৰিয়া বিদ্যালয়ত উপস্থিত হৈছিল।

image 48
মৰ্মান্তিক! প্ৰচণ্ড জাৰৰ বাবে বিদ্যালয়ৰ শ্ৰেণীকোঠাতে হৃদক্ৰিয়া বন্ধ হৈ অকাল মৃত্যু অষ্টম শ্ৰেণীৰ ছাত্ৰী ৰিয়াৰ… 3

ইয়াৰ পিছতে ছাত্ৰীগৰাকীয়ে ৭.৩০ বজাত প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰাৰ পিছত ৮ বজাত নিজৰ শ্ৰেণীকোঠালৈ যায়।

কিন্তু শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ কিছুসময় পিছতে আকস্মিকভাৱে ঢলি পৰে ৰিয়া।

ছাত্ৰীগৰাকীৰ অৱস্থাৰ অৱনতি ঘটাত লগে লগে তেওঁক হাস্পতাললৈ নিয়া হয় যদিও হৃদক্ৰিয়া বন্ধ হোৱাৰ ফলত ৰিয়াৰ মৃত্যু ঘটা বুলি চিকিৎসকে ঘোষণা কৰে।

ইফালে অষ্টম শ্ৰেণীৰ মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুৰ বাবে বিদ্যালয় কৰ্তৃপক্ষক দোষাৰোপ কৰিছে ৰিয়াৰ অভিভাৱকে।

প্ৰচণ্ড জাৰৰ বাবেই ৰিয়া সংজ্ঞানহীন হৈ পৰি হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক আঁকোৱালি লোৱা বুলি অভিযোগ কৰিছে পৰিয়ালে।

image 49
মৰ্মান্তিক! প্ৰচণ্ড জাৰৰ বাবে বিদ্যালয়ৰ শ্ৰেণীকোঠাতে হৃদক্ৰিয়া বন্ধ হৈ অকাল মৃত্যু অষ্টম শ্ৰেণীৰ ছাত্ৰী ৰিয়াৰ… 4

অন্যহাতে এই ঘটনাক গুৰুত্বসহকাৰে লৈ পুৱাই শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়াৰ সৈতে এক বৈঠকত মিলিত হয় গুজৰাটৰ শিক্ষামন্ত্ৰী।

এই বৈঠকৰ পিছতে জাছানী স্কুলৰ পৰা ছাত্ৰীগৰাকীৰ মৃত্যু সন্দৰ্ভত প্ৰতিবেদন বিচাৰে চৰকাৰে।

উল্লেখ্য যে, গুজৰাটৰ লগতে সমগ্ৰ দেশৰে একাংশ ব্যক্তিগত শিক্ষানুষ্ঠানে বিদ্যালয়ৰ নিয়মানুবৰ্তিতাৰ দোহাই দি ছাত্ৰ-ছাত্ৰীক অন্য ৰঙৰ জেকেট, চুৱেটাৰ বা অন্য গৰম কাপোৰ পিন্ধি অহাত নিষেধাজ্ঞা আৰোপ কৰি আহিছে।

বিদ্যালয়ৰ এনে কঠোৰ নিয়মৰে বলি হৈ ৰিয়াৰ দৰে এগৰাকী মেধাৱী ছাত্ৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া হ’ল নেকি, তাক লৈও এতিয়া প্ৰশ্নৰ উদয় হৈছে।