fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! পেটৰ তাড়নাত বহিঃৰাজ্যলৈ যোৱা ৯ প্ৰৱাসী শ্ৰমিকক মহটিয়াই লৈ গ’ল তীব্ৰবেগী বাহনে, ৫ জনৰ মৃত্যু…

নিউজ ডেস্কঃ পেটৰ তাড়নাত বহিঃৰাজ্যলৈ কাম কৰিবলৈ গৈ উদণ্ড বাহন চালকৰ দৌৰাত্ম্যত প্ৰাণ হেৰুৱাবলগীয়া হ’ল ৫ জনকৈ প্ৰৱাসী শ্ৰমিকে।

এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয় হিমালচল প্ৰদেশৰ ধৰ্মপুৰত।

মঙলবাৰে পুৱা ধৰ্মপুৰৰ কলকা-শিমলা ৰাষ্ট্ৰীয় ঘাইপথত কেইবাজনো প্ৰৱাসী শ্ৰমিকক এখন তীব্ৰবেগী ইনোভা বাহনে মহটিয়াই নিয়াত থিতাতে মৃত্যু ঘটে ৫ শ্ৰমিকৰ।

এই ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন ৪ জন শ্ৰমিক।

জানিব পৰা মতে, পুৱা ঘাইপথৰ দাঁতিৰে খোজ কাঢ়ি কৰ্মস্থলীলৈ গৈ থকা ৯ জন শ্ৰমিকক পিষ্ট কৰি নিয়ে ছ’লানৰ পৰা পাৰৱানু অভিমুখে গৈ থকা ইনোভা বাহনখনে।

ৰাষ্ট্ৰীয় ঘাইপথৰ চুক্কি জোহৰীৰ সমীপত এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত কৰি ডিভাইডাৰত খুন্দা মাৰে চাৰিচকীয়া বাহনখনে।

ইফালে দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত সকলক হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।

আহত এজনৰ অৱস্থা অতি সংকটজনক হোৱাত পৰৱৰ্তী সময়ত তেওঁক উন্নত চিকিৎসাৰ বাবে চণ্ডীগড়লৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাত নিহত শ্ৰমিক কেইজনক বিহাৰৰ চম্পাৰণ জিলাৰ নিৱাসী গুড্ডু যাদৱ, ৰাজা বাৰ্মা আৰু নিপ্পু নিছাদ, উত্তৰ প্ৰদেশৰ কুশীনগৰৰ নিৱাসী মতিলাল যাদৱ আৰু বিণ্টোলী কইনীৰ নিৱাসী ছানী দেৱাল বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!