মৰ্মান্তিক! পুৱতি নিশা সংঘটিত অগ্নিকাণ্ডত মহিলাৰ মৃত্যু, স্বামী চিকিৎসাধীন

মৰ্মান্তিক! পুৱতি নিশা সংঘটিত অগ্নিকাণ্ডত মহিলাৰ মৃত্যু, স্বামী চিকিৎসাধীন

March 1, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অসমৰ প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত পুৱতি নিশা সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত এগৰাকী মহিলাৰ কৰুণভাৱে মৃত্যু ঘটাৰ লগতে স্বামী গুৰুতৰভাৱে অগ্নিদগ্ধ হয় চিকিৎসাধীন হয়।

ইটানগৰ এফ এণ্ড জি চেক্টৰত শনিবাৰে পুৱা পুৱা প্ৰায় ৫.৩০ বজাত সংঘটিত উক্ত অগ্নিকাণ্ডৰ ফলত দুটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

অগ্নিকাণ্ডটোৰ ফলত জিঅ’জি টানু (৩২) আংশিকভাৱে অগ্নিদগ্ধ হোৱাত সংকটজনক অৱস্থাত ৰামকৃষ্ণ মিছন হাস্পতালত ভৰ্তি কৰোৱা হয়।

আনহাতে টানুৰ পত্নী জিঅ’বি য়াবি (৩০) জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে।

অগ্নিনিৰ্বাপক বাহিনী তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় যদিও তাৰ পূৰ্বেই বাসগৃহ দুটা ভস্মীভূত হয়।

উল্লেখ্য যে পৰিয়ালটোৱে নিশা প্ৰায় ২ বজালৈকে নিচি জনগোষ্ঠীয় নৌঃকুম য়ালু উৎসৱ উদয়াপন কৰিছিল।

পাকঘৰৰ জুই ভালদৰে নিৰ্বাপিত নকৰাৰ ফলত অগ্নিৰ সূত্ৰপাত ঘটে বুলি সম্বন্ধীয় ব্যক্তি আৰু প্ৰত্যক্ষদৰ্শীয়ে অৱগত কৰাইছে।

লগতে চাওকঃ

শােকাৱহ! বিয়াৰ পিছদিনাই ন-কইনাৰ চকুৰ সন্মুখতে আকস্মিক মৃত্যু দৰাৰ

টিকট অবিহনে ৰে’লত যাত্ৰা কৰিছিল ২০ আৰক্ষী, জৰিমনা আদায় দিবলৈও হ’ল অমান্তি! তাৰ পাছত…

গাড়ী নহয়, ‘বিলাসী’ চোৰৰ লক্ষ্য দামী গাড়ীৰ চকা! CCTV ত বন্দী চােৰৰ কাণ্ড

প্ৰধানমন্ত্ৰীক ‘হনুমান’ আৰু ক’ভিড প্ৰতিষেধকক ‘সঞ্জীৱনী’ৰ সৈতে তুলনা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ!