fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! পুত্ৰৰ বিয়াৰ ৪ দিন পিছতে বহুমহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু OYOৰ প্ৰতিষ্ঠাপক ৰিতেশ আগৰৱালৰ পিতৃৰ…

নিউজ ডেস্কঃ পুত্ৰৰ বিয়াৰ মাত্ৰ ৪ দিন পিছতে অট্টালিকাৰ ওপৰ মহলাৰ পৰা পৰি মৃত্যুক সাৱটি ল’লে OYOৰ প্ৰতিষ্ঠাপক ৰিতেশ আগৰৱালৰ পিতৃ ৰমেশ আগৰৱালে।

এই মৰ্মান্তিক ঘটনা সংঘটিত হয় গুৰগাঁৱৰ ডি এল এফ ক্ৰিষ্টা চ’ছাইটিত।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, গুৰগাঁৱৰ ছেক্টৰ ৫৪ত থকা ডিএলএফ দ্য ক্ৰেষ্ট ছ’চাইটিৰ এটা এপাৰ্টমেণ্টৰ ২০নং মহলাৰ পৰা পৰি মৃত্যু ঘটে ৰমেশ আগৰৱালৰ।

দিনৰ প্ৰায় ১ বজাত এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ইফালে পিতৃৰ মৃত্যুত শোকত ম্ৰিয়মান হৈ পৰা ৰিতেশ আগৰৱালে কয় যে তেওঁৰ পিতৃ তেওঁৰ বাবে পথ প্ৰদৰ্শক আৰু শক্তি আছিল।

উল্লেখ্য যে, চলিত সপ্তাহৰ আৰম্ভণিতে ফাৰ্মেচন ভেঞ্চাৰ্ছ প্ৰাইভেল লিমিটেডৰ সঞ্চালিকা গীতাংক্ষা সুদৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল ৰিতেশ।

দিল্লীত অতি ধুমধামেৰে অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজনৰ মাত্ৰ ৪ দিন পিছতে পিতৃৰ আকস্মিক মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে গোটেই পৰিয়ালটোক।

Related Articles

Back to top button