মৰ্মান্তিক! পিতৃৰ সৈতে ঈদৰ বজাৰ কৰিবলৈ গৈ ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে ছাত্ৰী জেৰিফা ৱাহিদে…

ঈদৰ আনন্দৰ মাজতে এক শোকাৱহ ঘটনা।

পিতৃৰ সৈতে ঈদৰ বজাৰ কৰিবলৈ গৈ ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে।

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহচক্ৰৰ অন্তৰ্গত ননকে গাঁৱৰ সমীপত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

জানিব পৰা মতে আজি দিনৰ ১১ মান বজাত ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ ননকে গাঁৱৰ সমীপত এখন তীব্ৰবেগী ডাম্পাৰে বাইক আৰোহী পিতৃ কন্যাক খুন্দা মাৰে।

image 88
মৰ্মান্তিক! পিতৃৰ সৈতে ঈদৰ বজাৰ কৰিবলৈ গৈ ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে ছাত্ৰী জেৰিফা ৱাহিদে... 3

যাৰ ফলত চিকিৎসালয়লৈ নিয়াৰ পথত নিহত হয় ১৪ বছৰীয়া কন্যা জেৰিফা ৱাহিদ। আনহাতে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে দলগাঁৱৰ ২নং বাহাজান গাঁৱৰ পিতৃ চফিউল্লা (৫০)।

বাইকত দেউতাকৰ লগত ঈদৰ বজাৰ কৰিবলৈ গৈ থাকোঁতে ৰাস্তাতে ডাম্পাৰ এখনে পিছফালেৰে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰাৰ ফলত দুয়ো বাইকৰ পৰা বহু দূৰ ছিটিকি পৰে।

image 89
মৰ্মান্তিক! পিতৃৰ সৈতে ঈদৰ বজাৰ কৰিবলৈ গৈ ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে ছাত্ৰী জেৰিফা ৱাহিদে... 4

দুৰ্ঘটনাগ্ৰস্ত তেজপুৰ অভিমুখী ডাম্পাৰখনৰ নম্বৰ হৈছে- এ এছ-০১ এম চি-৭৬৭০

দুই পিতৃ কন্যা ঘৰলৈ গৈ থকা অৱস্থাত ঢেকীয়াজুলিৰ ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হয় এই দুৰ্ঘটনা।

ইতিমধ্যে ডাম্পাৰখনৰ চালক ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও আৰক্ষীয়ে ডাম্পাৰখন নিজৰ জিম্মাত লৈ অনুসন্ধান আৰম্ভ কৰিছে।

নিহত ছাত্ৰীগৰাকীৰ পিতৃ বৰ্তমান চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, নিহত জেৰিফা শিলবৰী শংকৰদেৱ জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল।