
নিউজ ডেস্কঃ বাইকেৰে গৈ থকা সময়তে তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল দুই সহোদৰে।
এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ কুশীনগৰ জিলাৰ তামকুহিৰাজ চহৰৰ অভাৰব্ৰীজত।
বিহাৰৰ দুই ভাতৃয়ে বাইক চলাই গৈ থকা সময়তে পিছফালৰ পৰা অহা এখন চাৰিচকীয়া বাহনে তেওঁলোকক খুন্দা মৰাত থিতাতে প্ৰাণ হেৰুৱায় দুয়োজনে।
নিহত দুজনক বিহাৰৰ গোপালগঞ্জ জিলাৰ আমৱা বিজয়পুৰৰ নিৱাসী বদৰু দোজা হাছানৰ পুত্ৰ নদীম সৰৱাৰ (৩০) আৰু নৌছাদ সৰৱাৰ (২৬) বুলি চিনাক্ত কৰা হৈছে।
দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।
জানিব পৰা মতে, বিগত বৰ্ষৰ নৱেম্বৰত বিবাহ পাশত আৱদ্ধ হৈছিল নদীম সৰৱাৰ। কৰ্মৰ সন্ধানত যুৱকজনে বহিঃৰাজ্যলৈ যোৱাৰো পৰিকল্পনা কৰিছিল।
কিন্তু বিয়াৰ মাত্ৰ দুমাহ পিছতে নদীমৰ লগতে ভাতৃৰো অকাল মৃত্যুৱে এতিয়া শোকৰ বন্যা নমাইছে পৰিয়ালটোত।