মৰ্মান্তিক! পিছফালৰ পৰা খুন্দা মাৰি ১২ কিলোমিটাৰ চোঁচৰাই লৈ গ’ল বাইক আৰোহীক, মৃত্যু, সংকটজনক সদ্য বিবাহিতা পত্নীৰ অৱস্থা…

নিউজ ডেস্কঃ নৱবৰ্ষৰ প্ৰাকসন্ধ্যা দিল্লীৰ ৰাজপথত সংঘটিত ঘটনাৰ অনুৰূপ ঘটনা এইবাৰ সংঘটিত হ’ল গুজৰাটত।

গুজৰাটৰ চুৰটত দুৰ্ঘটনাৰ পিছত ১২ কিলোমিটাৰ চোঁচৰাই লৈ গ’ল বাইক আৰোহীক।

এই নিৰ্মম ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হয় সাগৰ পাটিল নামৰ বাইক আৰোহীজনে।

ইফালে এই ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে সাগৰৰ সদ্য বিবাহিতা পত্নী।

বুধবাৰে চুৰটৰ পালছানা তহছিলত সংঘটিত এই মৰ্মান্তিক ঘটনাৰ পিছতে আৰক্ষীয়ে চাৰিচকীয়া বাহনখন জব্দ কৰিছে যদিও এতিয়াও পলাতক হৈ আছে অভিযুক্ত চালকজন।

image 74
মৰ্মান্তিক! পিছফালৰ পৰা খুন্দা মাৰি ১২ কিলোমিটাৰ চোঁচৰাই লৈ গ’ল বাইক আৰোহীক, মৃত্যু, সংকটজনক সদ্য বিবাহিতা পত্নীৰ অৱস্থা… 2

জানিব পৰা মতে, বুধবাৰে সন্ধিয়া সাগৰ আৰু তেওঁৰ পত্নী অশ্বিনীয়ে আলহীৰ ঘৰৰ পৰা বাইকেৰে উভতি অহাৰ সময়তে এখন দ্ৰুতবেগী চাৰিচকীয়া বাহনে তেওঁলোকক পিছফালৰ পৰা খুন্দা মাৰে।

এই দুৰ্ঘটনাত অশ্বিনী বাইকৰ পৰা পৰি যায় যদিও বাইকসহ সাগৰক ১২ কিলোমিটাৰ পথৰ ওপৰেৰে চোঁচৰাই লৈ যায় ঘাতক চাৰিচকীয়া বাহনখনে।

এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা সাগৰক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে যুৱকজনৰ।

ইফালে এই সমগ্ৰ ঘটনাৰ এজন বাইক আৰোহীয়ে শ্বুট কৰা ভিডিঅ’ৰ আধাৰত আৰক্ষীয়ে হিট এণ্ড ৰান গোচৰ ৰুজু কৰি জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন।