মৰ্মান্তিক! পিকআপৰ দালানত আৱদ্ধ হৈ পৰিল কণমানিৰ পিঠিৰ স্কুলবেগ, পাঁচজনী ভগ্নীৰ একমাত্ৰ ভায়েকৰ সৈতে ঘটিল এই শােকাৱহ ঘটনা…

নিউজ ডেস্কঃ পুৱা স্কুললৈ খোজকাঢ়ি গৈ থকাৰ সময়তে পিকআপ ভানৰ দালানত স্কুল বেগ ফচি ২০ মিটাৰ চুঁচৰি গ’ল এটি কণমানি।

তাৰ পিছতে গাড়ীৰ চকাত তলত সোমাই সাৱটি লয় অকাল মৃত্যুক।

এই শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰ ডেহাটৰ শ্বেৰপুৰ-তৰোণ্ডা পথত।

জানিব পৰা মতে, সোমবাৰে পুৱা ভগ্নীৰ সৈতে পিঠিত বেগ লৈ খোজকাঢ়ি স্কুললৈ গৈ আছিল প্ৰথম শ্ৰেণীৰ ছাত্ৰ ৮ বছৰীয়া লক্ষ্মণ ওৰফে পৱন নামৰ শিশুটিয়ে।

ভগ্নীৰ সৈতে গৈ থকা সময়তে এখন পিক আপ ভানৰ পিছফালৰ দালানৰ এটা হুকত হঠাৎ আৱদ্ধ হৈ পৰে লক্ষ্মণৰ পিঠিৰ স্কুলবেগটো।

যাৰ ফলত চলন্ত ভানখনে প্ৰায় ২০ মিটাৰ চোঁচৰাই লৈ যায় শিশুটিক।

সেই সময়ত শিশুটি মাটিত বাগৰি পৰাত গাৰ ওপৰেৰে গাড়ীৰ পিছৰ চকা পাৰ হৈ যোৱাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় শিশুটি।

এই ঘটনাৰ পিছতে স্থানীয় লোকে গাড়ীখন ৰখাই চালকজনক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে।

ইফালে আহত শিশুটিক সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে কণমানিটিৰ।

জানিব পৰা মতে, ৰনিয়াৰ চিটিকপুৰ নিৱাসী দেশৰাজৰ ৬টা সন্তানৰ ভিতৰত আটাইতকৈ কনিষ্ঠ আছিল লক্ষ্মণ। ৫ ভগ্নীৰ ভিতৰত একমাত্ৰ ভাতৃ লক্ষ্মণ আছিল সকলোৰে আলাসৰ লাড়ু।

এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত জ্যেষ্ঠ ভগ্নী চান্দনীৰ সৈতে স্কুললৈ গৈ আছিল লক্ষ্মণ।

শিশুটিৰ মৃত্যুৱে এতিয়া শোকস্তব্ধ কৰিছে গোটেই পৰিয়ালটোক।

এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোতো।