অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! পথ দুৰ্ঘটনাৰ পিছত ঘণ্টাধৰি পথৰ ওপৰত জীৱন-মৃত্যুৰ সৈতে যুঁজি থাকিল শহুৰ-জোঁৱাই, হাস্পতালত মৃত্যু

নিউজ ডেস্কঃ ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ দুঘণ্টাৰো অধিক সময় পথৰ ওপৰতে জীৱন-মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছে শহুৰ-জোঁৱাইয়ে।

শুকুৰবাৰে নিশা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ কৰৱী কোতৱালি অঞ্চলত।

জানিব পৰা মতে, ৰাইপুৰা থানা নগৰৰ নিৱাসী ৩০ বছৰীয়া মনোজ কুমাৰ পেটেলে খুৰা শহুৰ যদুনাথ সিঙৰ সৈতে বাইকেৰে বাহিলপুৰৱা থানাৰ অন্তৰ্গত কৈলা গাঁৱলৈ বিবাহ অনুষ্ঠানলৈ গৈছিল।

দুয়োজনে শুকুৰবাৰে নিশা পুনৰ ঘৰলৈ উভতি অহাৰ সময়তে কৰৱীৰ কোতৱালীৰ কালুপুৰ পাহিৰ ওচৰত বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰাকে বাইকসহ দুয়োজনক মহতিয়াই নিয়ে।

দুৰ্ঘটনাৰ পিছত প্ৰায় দুঘণ্টা সময় পথৰ ওপৰতে ৰক্তাক্ত অৱস্থাত চটবটাই থাকে শহুৰ আৰু জোঁৱাই।

পিছত দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ দুয়োকে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে মনোজক।

অন্যহাতে শনিবাৰে পুৱা প্ৰায় ১০ বজাত মৃত্যু ঘটে যদুনাথৰো।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ট্ৰাক চালকজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

Related Articles

Back to top button