fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত দৰিদ্ৰ পৰিয়ালৰ সন্তানক বিনামূলীয়া শিক্ষাকে ধৰি অনেক সমাজ হিতকৰ কাম কৰি অহা বিশিষ্ট সমাজকৰ্মীসহ পৰিয়ালৰ ৪ সদস্য…

নিউজ ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী প্ৰবীণ সমাজকৰ্মীসহ পৰিয়ালৰ ৪জনকৈ সদস্যৰ।

মঙলবাৰে বিয়লি মহাৰাষ্ট্ৰৰ পুনে-আহমেদনগৰ ঘাইপথত সংঘটিত হয় এই মৰ্মান্তিক পথ দুৰ্ঘটনা।

জানিব পৰা মতে, সমাজকৰ্মীগৰাকীয়ে পৰিয়ালসহ যাত্ৰা কৰা চাৰিচকীয়া বাহনখনত পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে এখন কণ্টেইনাৰ ট্ৰাকে।

যাৰ ফলত বাহনখনত থকা বীড জিলাৰ পাটোডা তালুকৰ ডোমাৰী গাঁৱৰ নিৱাসী তথা সুপৰিচিত সমাজকৰ্মী সুদম শংকৰ ভণ্ডৱে (৬৬), তেওঁৰ পত্নী সিন্ধু (৬০), বোৱাৰী কাৰ্তিকী (৩০) আৰু নাতিনী (২)ৰ ঘটনাস্থলীতে নিহত হয়।

image 82

ইফালে এই ভয়ংকৰ দুৰ্ঘটনাত সুদম শংকৰ ভণ্ডৱেৰ পুত্ৰ আশ্বিন (৩৫) গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত তেঁৱেই গাড়ী চলাই আছিল।

ইয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত যুৱকজনক হাস্পতাললৈ প্ৰেৰণ কৰে।

আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি কণ্টেইনাৰ চালক লাহৰী চৌহানক আটক কৰিছে।

image 83

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সুদম শংকৰ ভণ্ডৱেয়ে ডোমৰি গাঁৱত সোন্দৰা গুৰুকুল নামেৰে এক আৱাসিক শিক্ষানুষ্ঠান চলাইছিল। য’ত শ্ৰমিক সন্তান আৰু দুখীয়া পৰিয়ালৰ সন্তানত বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰা হৈছিল।

সমান্তৰালভাৱে অন্য বহু সমাজ হিতকৰ কামৰ সৈতেও জড়িত আছিল সুদম শংকৰ ভণ্ডৱে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!