fbpx
অসমঅসমীয়া

মৰ্মান্তিক! পথ দুৰ্ঘটনাত আহত কল্পনাৰ চিকিৎসালয়ত মৃত্যু, মৃত্যুৰে যুঁজিছে ভাতৃয়ে

নিউজ ডেস্ক। আত্মীয়ৰ বিয়াৰ বাবে ভাতৃৰ সৈতে বাইকত উঠি বজাৰ কৰিবলৈ গৈ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ভগ্নীয়ে।

গুৰুতৰভাৱে আহত ভাতৃ এতিয়াও হাস্পতালত বিছনাত মৃত্যুৰ সৈতে যুঁজ দিছে।

এই শােকাৱহ ঘটনাৰ স্থান কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত একাদি।

উল্লেখ্য যে নিশা সংঘটিত এটা ভয়াৱহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হাজো আৰক্ষী থানাৰ অন্তৰ্গত মালিবাৰীৰ যাদৱ ডেকাৰ কন্যা কল্পনা (দিক্ষা) ডেকা (২১)ৰ চিকিৎসালয়ত মৃত্যু ঘটে।

সম্প্রতি যুৱতীগৰাকীৰ ভাতৃ হীৰকজ্যোতি (হৰজিৎ) ডেকাই (১৯) চিকিৎসালয়ত মৃত্যু সৈতে যুঁজ দি আছে।

জানিব পৰা মতে, বৃহস্পতিবাৰে সন্ধিয়া দুই ভাতৃ-ভগ্নীয়ে সম্পৰ্কীয়ৰ বিয়াৰ বাবে নিজৰ এ এছ-২৫ ইউ-২৯০২ নম্বৰৰ মটৰচাইকেলেৰে একাদিলৈ বজাৰ কৰিবলৈ আহে।

সন্ধিয়া প্রায় সাত বজাত বজাৰ কৰি দুয়োজনে ঘৰলৈ গৈ থকা অৱস্থাত একেদিশে ঘৰলৈ গৈ থকা নৰবক্স আলী (৫৫) নামৰ এগৰাকী চাইকেল আৰোহীক খুন্দিয়াই পথৰ কাষত থকা এটা বিদ্যুৎ পোষ্টত বাইকেৰে খুন্দা মাৰে।

ঘটনাত দুই ভাই-ভগ্নী পথৰ বহু দূৰৈত ছিটিকি পৰাৰ লগতে চাইকেল আৰোহী নুৰবক্স আলীৰ হাত-ভৰি ভগাৰ উপৰি বুকুত গুৰুতৰভাৱে আঘাত পায়।

লগে লগে স্থানীয় লোকে তিনিওগৰাকীক হাজো বিষ্ণুৰাম মেধি এফ আৰ ইউত ভৰ্তি কৰায় যদিও চিকিৎসকে সংকটজনক অৱস্থাত জি এম চি এইচলৈ প্ৰেৰণ কৰা যুৱতীগৰাকীৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!