মৰ্মান্তিক! পথৰ দাঁতিত ৰৈ থকা শ্ৰমিকক মহটিয়াই লৈ গ’ল তীব্ৰবেগী বাছে, ৪ জনৰ মৃত্যু

নিউজ ডেস্কঃ পথৰ দাঁতিত ৰৈ থকা ৭ জনকৈ শ্ৰমিকক তীব্ৰবেগী বাছে মহটিয়াই নিয়াত ৪ জনৰ মৃত্যু ঘটাৰ বিপৰীতে আহত হয় আন ৩ জন লোক।

এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ গৌতম বুদ্ধ নগৰত।

জানিব পৰা মতে, হিৰো মটৰ্ছত কৰ্মৰত শ্ৰমিক কেইজনে পথৰ দাঁতিত ৰৈ থকা সময়তে উত্তৰ প্ৰদেশ ৰোডৱেজ বাছখনে শ্ৰমিক কেইজনক মহটিয়াই লৈ যায়।

যাৰ ফলত ৩ জনৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন এজনে মৃত্যুক আকোৱালি লয় হাস্পতাললৈ নিয়াৰ পথত।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাছখনে।

আৰক্ষীয়ে বাছখনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

দুৰ্ঘটনাত নিহত সকলক শংকেশ্বৰ কুমাৰ দাস (২৫), মহৰী কুমাৰ (২২), সতীশ (২৫) আৰু আজাদ (৩৪) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে আহত অনুজ, ধামবীৰ আৰু সন্দীপক প্ৰথমে গৌতম বুদ্ধ নগৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে তাৰ পৰা দিল্লীৰ ছফদৰগঞ্জ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।