মৰ্মান্তিক! পথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকৰ প্ৰচণ্ড খুন্দা মিনি ট্ৰাকৰ, ৭ জনৰ কৰুণ মৃত্যু…

নিউজ ডেস্কঃ হাঁহ-কুকুৰা ফাৰ্মৰ পৰা পোৱালি আনিবলৈ যোৱাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল ৭জনকৈ লোকে।

শনিবাৰে ওড়িশাৰ ভুৱনেশ্বৰৰ সমীপত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় পশ্চিমবংগৰ নিৱাসী লোক কেইজনে।

জানিব পৰা মতে, ভুৱনেশ্বৰৰ পৰা ৭৫ কিলোমিটাৰ নিলগৰ জাজপুৰৰ ধৰ্মশালা থানাৰ অন্তৰ্গত ১৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নেউলিপুৰ ছাকত পথত সংঘটিত হয় এই দুৰ্ঘটনা।

লোকে কেইজনে যাত্ৰা কৰা মিনি ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগত পথৰ দাঁতিত ৰখাই থোৱা আন এখন খুন্দা মৰাত লোক কেইজনৰ মৃত্যু ঘটে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই দুৰ্ঘটনাত ৬ জন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আহত আনজনক হাস্পতাললৈ নিয়াৰ পথত মৃত্যু ঘটে।

নিহত সকলক পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণা জিলাৰ বছিৰহাট আৰক্ষী থানাৰ অন্তৰ্গত নেহালপুৰ গাঁৱৰ নিৱাসী কৰিম চৰ্দাৰ (২৪), জাহাংগীৰ চৰ্দাৰ (৩২), ময়য়া জামে চৰ্দাৰ (৩২), আমজাদ আলী চৰ্দাৰ (৩৪), মহম্মদ আৰিফ চৰ্দাৰ (২৭), মহম্মদ আমিল আই চৰ্দাৰ (৩০) আৰু চালক সুৰজ মণ্ডল (৪২) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, লোক কেইজনে ভুৱনেশ্বৰৰ সমীপৰ ফুলনাখৰাৰ এখন হাঁহ-কুকুৰা পামলৈ গৈ চৰাই ক্ৰয় কৰিবলৈ গৈ আছিল।

পুৱাৰ কুঁৱলীৰ ধূসৰ দৃশ্যৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।