মৰ্মান্তিক! পথাৰত কাম কৰি থকা অৱস্থাত বজ্রপাতত যুৱকৰ মৃত্যু

নিউজ ডেস্ক। ৰাজ্যজুৰি বানৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে এইবাৰ বজ্ৰপাতত এজন যুৱকৰ মৃত্যু ঘটাৰ বাতৰি পােৱা গৈছে।

জানিব পৰা মতে, বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত লাংলাত এই ঘটনা সংঘটিত হয়।

স্থানীয় মহিদুল ইছলামে (২৫, পিতাঃ মিজান আলীৰ) পথাৰত ঘাঁহ কাটি থকা অৱস্থাতে হঠাৎ যুৱকজনৰ ওপৰত বজ্ৰ পৰে।

P6
মৰ্মান্তিক! পথাৰত কাম কৰি থকা অৱস্থাত বজ্রপাতত যুৱকৰ মৃত্যু 2

বজ্ৰপাতত গুৰুতৰভাৱে আহত হৈ পথাৰত পৰি থকা অৱস্থাত যুৱকজনক প্রত্যক্ষ কৰি স্থানীয় ৰাইজে ততাতৈয়াকৈ চেনিমাৰীস্থিত তিতাপানী ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

কলগাছিয়াৰ চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে।

জানিব পৰামতে যুৱকজনে পত্নীসহ দুটি কণ কণ পুত্র সন্তানক এৰি থৈ যায়।

অমায়িক আৰু সহজ-সৰল যুৱকজনৰ মৃত্যুত বৃহত্তৰ লাংলা অঞ্চলত শোকৰ ছাঁ বিৰাজ কৰিছে।

Leave a Comment