মৰ্মান্তিক! পত্নীৰ শেষকৃত্যৰ সময়তে স্বামীৰাে প্ৰাণত্যাগ, একেলগে জ্বলিল দম্পতীৰ চিতা

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। পত্নীৰ শেষকৃত্যৰ সময়তে প্ৰাণত্যাগ স্বামীৰাে।

একেলগে জ্বলিল স্বামী-স্ত্ৰীৰ চিতা।

এই ঘটনা বঙাইগাঁও জিলাৰ সীমান্তবর্তী তথা বাসুগাঁও চহৰৰ নিকটৱৰ্তী বিলাসপুৰ-বগুলামাৰী গাঁৱৰ।

জানিব পৰা মতে, পত্নীৰ মৃত্যুৰ পিছত মৃতদেহ সৎকাৰৰ অৰ্থে শ্মশানলৈ লৈ যোৱা সময়তে মৃত্যু হয় স্বামীৰ।

photo 2023 01 11 11 14 29
মৰ্মান্তিক! পত্নীৰ শেষকৃত্যৰ সময়তে স্বামীৰাে প্ৰাণত্যাগ, একেলগে জ্বলিল দম্পতীৰ চিতা 3

কেইটামান ঘণ্টাৰ ব্যৱধানত এনেদৰে স্বামী-স্ত্ৰীৰ মৃত্যু হয়।

সােমবাৰে নিশা আঠ বজাত ২নং বগুলামাৰী গাঁৱৰ বাসিন্দা ৰাসমোহন ৰায়চৌধুৰীৰ সহধর্মিণী গীতাৰাণী চৌধুৰী (৬২) নিশাৰ আহাৰ ৰান্ধি থাকোঁতে হঠাৎ অসুস্থ হৈ পৰে।

কিন্তু দুৰ্ভাগ্যৱাতঃ চিকিৎসালয়লৈ নিয়াৰ সময়তে তেওঁ শেষ নিস্বাস ত্যাগ কৰে।

ইয়াৰ পিছতে মংগলবাৰে পুৱা গীতাৰাণী চৌধুৰীৰ মৃতদেহ সৎকাৰ কৰিবলৈ চম্পা নৈৰ পাৰৰ শ্মশানলৈ নিয়া হয়।

photo 2023 01 11 11 24 22
মৰ্মান্তিক! পত্নীৰ শেষকৃত্যৰ সময়তে স্বামীৰাে প্ৰাণত্যাগ, একেলগে জ্বলিল দম্পতীৰ চিতা 4

কিন্তু মৃতদেহ শ্মশান গৈ পোৱাৰ পূৰ্বতে তেওঁৰ অসুস্থ স্বামী ৰাসমোহন ৰায়চৌধুৰীয়ে ঘৰত শেষ নিশ্বাস ত্যাগ কৰে।

এই খবৰ লাভ কৰাৰ পিছত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়।

লগে লগে গীতাৰাণী চৌধুৰীৰ মৃতদেহ শ্মশানত থৈ দুই পুত্ৰসহ আত্মীয়- স্বজনে ৰাসমোহন ৰায়চৌধুৰীৰ মৃতদেহ শ্মশানলৈ লৈ আহে।

দুজন পুত্ৰ, তিনিগৰাকী কন্যা আৰু আত্মীয়সহ গাঁওবাসীৰ উপস্থিতিত শোকাকুল পৰিৱেশৰ মাজত স্বামী-স্ত্ৰীৰ মৃতদেহ একেখন চিতাতে তুলি মুখাগ্নি কৰে পুত্ৰই।