মৰ্মান্তিক! নৱবৰ্ষ উদযাপন কৰি ওভতাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা, মৃত্যুক সাৱটি ল’লে নৰেশ, মুৰুলী, বাবলুসহ ৫ জনে…

নিউজ ডেস্কঃ নৱবৰ্ষ উদযাপনৰ আনন্দ উছাহৰ মাজতে সংঘটিত এক লোমহৰ্ষক দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫ জনকৈ লোকে।

৩১ ডিচেম্বৰৰ নিশা ৰাজস্থানৰ হনুমানগড়ত এখন ইটাভৰ্তি ট্ৰাক আৰু এখন চাৰিচকীয়া বাহনৰ মাজত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু ঘটাৰ লগতে এজন লোক আহত হয়।

জানিব পৰা মতে, নিশা হনুমানগড়ৰ ৰাৱাটসৰ-চৰ্দাৰশ্বাৰ ঘাইপথৰ বিছৰাছাৰ গাঁৱৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাৰ ফলত থিতাতে ৩ জন লোকৰ মৃত্যু ঘটে। ইফালে আহত আন ৩ জনক চিকিৎসাৰ বাবে বিকানেৰলৈ প্ৰেৰণৰ সময়তে মৃত্যুক সাৱটি লয় আন দুজনে।

দুৰ্ঘটনাত নিহত সকলক ৰাজু মেঘৱাল, নৰেশ কুমাৰ, দনাৰাম, বাবলু আৰু মুৰলী শৰ্মা বুলি চিনাক্ত কৰা হৈছে।

আটাইকেইজনে চাৰিচকীয়া বাহনেৰে নৱবৰ্ষ উদযাপন কৰি উভতি অহাৰ পথতে পল্লুৰ পৰা চৰ্দাৰশ্বাৰ অভিমুখে গৈ থকা ইটা কঢ়িওৱা ট্ৰাকখনে তেওঁলোকক খুন্দা মাৰে।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকসহ পলায়ন কৰে ট্ৰাক চালকে।

আৰক্ষীয়ে এটা গোচৰ ৰুুজু কৰি সন্ধানহীন ট্ৰাক চালকজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে।