fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! নিশা মৃত্যু ঘটা আত্মীয়ৰ খবৰ ল’বলৈ যোৱাৰ পথতে ভয়ংকৰ দুৰ্ঘটনাত অকাল মৃত্যু একেটা পৰিয়ালৰ ৫ সদস্যৰ, আহত ৮ জন…

নিউজ ডেস্কঃ আত্মীয়ৰ মৃতকৰ সকামলৈ গৈ থকা সময়তে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিলে একেটা পৰিয়ালৰ ৫ জনকৈ লোকে।

বুধবাৰে এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় মধ্যপ্ৰদেশৰ টিকামগড় জিলাত।

পৰিয়ালৰ ১৩ জন সদস্যই যাত্ৰা কৰা এখন বলেৰ’ বাহনে তীব্ৰ গতিৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এজোপা গছত খুন্দা মৰাৰ ফলত ৫ জনৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন ৮ জন গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাত নিহত সকলক খাজুৰোহৰ মাৱাই গাঁৱৰ মতিলাল, লক্ষ্মী লোধি, বাবুলাল লোধি, তেওঁৰ পত্নী প্ৰেম বাঈ আৰু গুড্ডু বাঈ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পৰিয়ালটোৰ সদস্য কেইজনে মঙলবাৰে নিশা আত্মহত্যা কৰা ৰাজনগৰৰ এজন আত্মীয়ৰ ঘৰলৈ গৈ থকা সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

ইফালে দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

Related Articles

Back to top button