মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিঙত প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ, একে পৰিয়ালৰ ৩ সদস্যসহ মৃত্যু ৪ জনৰ…

নিউজ ডেস্কঃ নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলঙিত প্ৰচণ্ড খুন্দা মৰাৰ ফলত থিতাতে নিহত একেটা পৰিয়ালৰ ৩ সদস্যসহ ৪ জনকৈ লোকৰ।

বৃহস্পতিবাৰে সন্ধিয়া এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় কৰ্ণাটকৰ কোপ্পালৰ কুকানুৰ তালুকৰ বান্নিকোপাৰ সমীপত।

জানিব পৰা মতে, তেলেংগানাৰ নিৱাসী পৰিয়ালটোৱে কোনো কামত আহিছিল কৰ্ণাটকলৈ।

সন্ধিয়া তেওঁলোকে পুনৰ ঘৰলৈ ওভতাৰ সময়তে তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বান্নিকোপাৰ সমীপৰ এখন দলঙৰ ৰেলিঙত প্ৰচণ্ড খুন্দা মাৰে।

এই দুৰ্ঘটনাটোত পৰিয়ালটোৰ দুগৰাকী মহিলা সদস্যসহ ৩জনৰ লগতে গাড়ীৰ চালকজনৰো থিতাতে মৃত্যু ঘটে।

নিহত সকলৰ তিনিজনক ভেনেলা বৰুধিনী (১৮), মুপ্পীদী ৰূপৱতী (২৩) আৰু শনমুখা (২৮) বুলি চিনাক্ত কৰা হৈছে।

নিহত আনজনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।

ঘটনাৰ পিছতে আৰক্ষী উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।