মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই ৩০ ফুট দ খাৱৈত বাগৰি পৰাৰ পিছতে দাউদাউকৈ জ্বলি উঠিল ছুইফ্ট বাহন, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু জিতু শইকীয়াৰ…

নিউজ ডেস্কঃ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা ৩০ ফুট দ খাৱৈত বাগৰি পৰাৰ পিছতে দাউদাউকৈ জ্বলি উঠিল এখন চাৰিচকীয়া বাহন।

এই ভয়ংকৰ দুৰ্ঘটনাত গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিলে এজন যুৱকে।

এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে কলিয়াবৰৰ বুঢ়াপাহাৰত।

বুঢ়াপাহাৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বুধবাৰে নিশা বাগৰি পৰে এএছ ০২টি ৯৯৮০ নম্বৰৰ ছুইফ্ট বাহনখন।

বুঢ়াপাহাৰৰ এনিমেল ভিউ পইণ্টত বাহনখন ৩০ ফুট দ খাৱৈত বাগৰি পৰাৰ পিছতে বাহনখনত জুইৰ সূত্ৰপাত ঘটে।

যাৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লয় চালকৰ আসনত বহি থকা জিতু শইকীয়া নামৰ যুৱকজনে।

নিহত যুৱকজনৰ ঘৰ জখলাবন্ধাত বুলি জানিব পৰা গৈছে।

নিশাই ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাক বাহিনীৰ লোক উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰি উদ্ধাৰ কৰে বাহনখন।

জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত কাজিৰঙাৰ পৰা জখলাবন্ধা অভিমুখে গৈ আছিল জিতু।