মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল যাত্ৰীভৰ্তি বাহন, ৫ জনৰ মৃত্যু

নিউজ ডেস্কঃ শুকুৰবাৰে নিশা জম্মু-কাশ্মীৰৰ বিলাৱাৰৰ ধনু পেৰ’ল গাঁৱত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আন ১৫ জন লোক গুৰুতৰভাৱে আহত হয়।

যাত্ৰী কঢ়িয়াই অনা এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা দ খাৱৈত বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাৰ সময়ত যাত্ৰীভৰ্তি বাহনখন কৌগৰ পৰা ডান্নু পেৰ’ললৈ গৈ আছিল।

ইফালে দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত্ সকলক উদ্ধাৰ কৰি নিকটৱৰ্তী হাস্পতাললৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাত নিহত সকলক বণ্টু, হন্সৰাজ, অজিত সিং, আমৰু আৰু কাকু ৰাম বুলি চিনাক্ত কৰা হৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।