fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! নিয়ন্ত্ৰণহীন হৈ পাহাৰীয়া পথৰ পৰা বাগৰি পৰিল চাৰিচকীয়া বাহন, ৩ বন্ধুৰ মৃত্যু…

নিউজ ডেস্কঃ দ্ৰুতবেগৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰীয়া পথৰ পৰা তলত বাগৰি পৰি অকাল মৃত্যুক সাৱটিলে ৩ বন্ধুৱে।

এই মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হৈছে হিমাচল প্ৰদেশৰ কাছাউলি-পৰৱানু লিং ৰোডৰ জাংগেছু গাঁৱত।

জানিব পৰা মতে, তিনি বন্ধুৱে যাত্ৰা কৰা বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰীয়া পথৰ পৰা তলত বাগৰি পৰাত থিতাতে মৃত্যু ঘটে তিনিওজন যুৱকৰ।

নিহত যুৱক কেইজনক নলাগড়ৰ নিৱাসী সূৰজ ঠাকুৰ (২৯) আৰু শুভম ঠাকুৰ আৰু কুৰুক্ষেত্ৰৰ নিৱাসী সংগম বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ নিহত যুৱক কেইজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Related Articles

Back to top button