fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! নাতিদূৰৈৰ বিবাহ ভৱনত সম্পন্ন হৈ আছিল কন্যাৰ বিয়া, ইফালে বিধ্বংসী অগ্নিকাণ্ডই প্ৰাণ কাঢ়ি লৈ গ’ল মাতৃ-ভাতৃ-পেহীয়েক-ককাকৰ…

নিউজ ডেস্কঃ মঙলবাৰ আছিল বিয়া! এপাৰ্টমেণ্টৰ পৰা মাত্ৰ কিছু নিলগৰ বিবাহ ভৱনত সম্পন্ন হৈছিল কন্যাৰ বিবাহ!

বিয়ালৈ বুলি সাজু হৈছিল কইনাৰ মাতৃ, ককায়েক, ককাক, পেহীয়েকৰ লগতে পৰিয়ালৰ কেইবাজনো সদস্য। কিন্তু সেই সময়তে সংঘটিত হয় মৰ্মান্তিক ঘটনাটো।

এপাৰ্টমেণ্টত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লয় বিয়াৰ কইনাৰ মাতৃ, ভাতৃসহ পৰিয়ালৰ কেইবাজনো সদস্য।

image 3

ইফালে পৰিয়ালৰ সদস্যৰ এনে কৰুণ মৃত্যুৰ খবৰ নোপোৱাকৈয়ে হাঁহিঁমুখেৰে বিবাহ সম্পন্ন কৰিলে কইনাই।

এই মৰ্মান্তিক ঘটনাৰ স্থান ঝাৰখণ্ডৰ ধনবাদ।

মঙলবাৰে সন্ধিয়া ধনবাদৰ আশীৰ্বাদ এপাৰ্টমেণ্টত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত জাহ যায় একেটা পৰিয়ালৰে কেইবাজনো সদস্য।

image 2

বাতৰি অনুসৰি, আশীৰ্বাদ এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাৰ নিৱাসী সুবোধ শ্ৰীবাস্তৱৰ কন্যা পূজাৰ বিয়া আছিল মঙলবাৰে।

এপাৰ্টমেণ্টৰ পৰা মাত্ৰ কিছু দূৰৈত অৱস্থিত সিদ্ধি বিনায়ক বিবাহ ভৱনত সম্পন্ন হৈছিল এই বিয়াখন।

বিবাহ ভৱনত জীয়াৰীৰ বিয়াৰ যো-জা চলাই থকা সময়ত এপাৰ্টমেণ্টত বিয়ালৈ বুলি সাজু হৈ আছিল মাতৃ, ভাতৃ, ককাক, পেহীয়েকে।

image 4

কিন্তু সেই সময়তে এপাৰ্টমেণ্টৰ দ্বিতীয় মহলাত সংঘটিত অগ্নিকাণ্ডই নিমিষতে চতুৰ্থ মহলাও ঘেৰি ধৰাত ফ্লেটৰ ভিতৰতে আৱদ্ধ হৈ পৰে সকলোবোৰ।

যাৰ ফলত অগ্নিদগ্ধ হৈ আৰু শ্বাসৰুদ্ধ হৈ মৃত্যুক সাৱটি লয় ৯ গৰাকী মহিলা আৰু ৩টি শিশুসহ ১৪ জনকৈ লোকে।

এই অগ্নিকাণ্ডতে মৃত্যু ঘটে কইনা পূজাৰ মাতৃ, ভাতৃ, পেহীয়েক আৰু ককাকৰ।

image 5

আনহাতে এই মৃত্যুৰ খবৰ পূজাক নিদিয়াকৈয়ে বিবাহ সম্পন্ন কৰে সুবোধ শ্ৰীবাস্তৱে।

বিয়া সম্পন্ন কৰি কন্যাক বিদায় দিয়াৰ পিছতে তেওঁ হাস্পতালত উপস্থিত হৈ চিনাক্ত কৰে আত্মীয় সকলৰ মৃতদেহৰ।

জানিব পৰা মতে, এপাৰ্টমেণ্টৰ দ্বিতীয় মহলাৰ বাসিন্দা চাৰ্টাৰ্ড একাউন্টেন্ট পংকজ আগৰৱালাৰ ফ্লেটত আয়োজিত পূজাৰ বাবে জ্বলোৱা চাকিৰ পৰাই এই অগ্নিকাণ্ড সংঘটিত হৈ তৃতীয় আৰু চতুৰ্থ মহলালৈ বিয়পি পৰে।

image 6

অগ্নিকাণ্ডৰ পিছত ঘটনাস্থলীত ২০ খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰি আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

এই ভয়ংকৰ অগ্নিকাণ্ডত কমেও ৩০ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

ইফালে নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰো আশংকা কৰা হৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!