মৰ্মান্তিক! নদী পথেৰে আত্মীয়ৰ বিয়া খাবলৈ যোৱাৰ পথতে ভয়ংকৰ নাও দুৰ্ঘটনা, মাতৃ-পুত্ৰ-কন্যাৰ মৃত্যু

নিউজ ডেস্কঃ লাহৰীঘাটত ভয়ংকৰ নাও দুৰ্ঘটনা।

ব্ৰহ্মপুত্ৰৰ বুকুত ডুব গ’ল এখন টুলুঙা নাও।

লাহৰীঘাটৰ হামু চাপৰিত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা।

দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰ মাতৃৰ লগতে পুত্ৰ-কন্যাৰ।

আত্মীয়ৰ ঘৰলৈ বিয়া খাবলৈ যাওতেই সংঘটিত হয় এই নাও দুৰ্ঘটনা।

দুৰ্ঘটনাত নিহত সকলক বিমলা খাতুন, পুত্ৰ জিন্নাতুল ইছলাম আৰু কন্যা ইছতাৰা খাতুন বুলি চিনাক্ত কৰা হৈছে।