fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! ধুমধামেৰে নিজৰ ১৭ বছৰীয়া জন্মদিন উদযাপনৰ দুদিন পিছতে ঘটিল অঘটন, ট্ৰেক্টৰৰ চেপাত মৃত্যু চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ…

নিউজ ডেস্কঃ নিজৰ ১৭ বছৰীয়া জন্মদিন আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰাৰ মাত্ৰ দুদিন পিছতে ভয়ংকৰ পথ দুৰ্ঘটনাই অকালতে প্ৰাণ কাঢ়ি লৈ গ’ল এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ।

এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ কৰ্ণালত।

চাইকেল চলাই কলেজলৈ গৈ থকা সময়তে তীব্ৰবেগী ট্ৰেক্টৰ ট্ৰেইলাৰ খুন্দাত কৰুণ মৃত্যুক সাৱটি লয় পায়েল নামৰ দ্বাদশ শ্ৰেণীৰ চিকিৎসা বিজ্ঞানৰ মেধাৱী ছাত্ৰীগৰাকীৰ।

জানিব পৰা মতে, দোহাৰ নিৱাসী পায়েলে বিগত কেইবা মাহৰ পৰা কৰ্ণালত থকা তেওঁৰ পেহীয়েকৰ ঘৰত থাকিয়েই অধ্যয়ন কৰি আছিল।

image 92

কিন্তু দুদিন পূৰ্বে তেওঁৰ পেহাক আৰু পেহীয়েক বিয়া খাবলৈ যোৱাত আৰু নিজৰ জন্মদিন উপলক্ষে পায়েলে পুনৰ দোহালৈ যায়।

তাত অতি ধুমধামেৰে জন্মদিন উদযাপন কৰে পায়েলে।

বিগত দুদিন ছাত্ৰীগৰাকীয়ে চাইকেল লৈ দোহাৰ পৰা কৰ্ণালৰ কলেজলৈ অহা-যোৱা কৰি আছিল।

শনিবাৰেও ছাত্ৰীগৰাকীয়ে চাইকেল লৈ পুৱা ওলাই আহে কৰ্ণালৰ কলেজলৈ বুলি।

image 93

কিন্তু পুৱা প্ৰায় ৭.৪০ বজাত পায়েলে নিউ আনাজ মণ্ডীৰ ওচৰ পোৱাৰ সময়তে বিপৰীত দিশৰ পৰা অহা ট্ৰেক্টৰে ছাত্ৰীগৰাকীক মহটিয়াই নিয়ে।

ইফালে এই ঘটনা সংঘটিত কৰিয়েই ট্ৰেক্টৰখন এৰি পলায়ন কৰে চালকজনে।

image 94

পৰৱৰ্তী সময়ত উপস্থিত আন লোকে ছাত্ৰীগৰাকীক হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পায়েলে ভুল দিশেৰে চাইকেল চলাই গৈ থকাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!