ASSAM

মৰ্মান্তিক! দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱালে চাইকেল আৰােহী প্ৰধান শিক্ষকে

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল চাইকেল আৰােহী প্ৰধান শিক্ষকৰ।

এই দুৰ্ঘটনা সংঘটিত হৈছে কাছাৰৰ কালাইন এলেকাত।

জানিব পৰা মতে, পুৱা দহ মান বজাত চাইকেল চলাই স্কুললৈ গৈ থকা অৱস্থাত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় কালাইন আদৰ্শ বিদ্যাপীঠৰ প্ৰধান শিক্ষক মনানন্দ ৰয়ে (৫৫)।

৬নং ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটী অভিমুখে যোৱা দ্ৰুতবেগী এখন ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত শিক্ষকজনক চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁক চিকিৎসকে মৃত ঘোষণা কৰে।

এই ঘটনা প্ৰতিবাদত অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হয়। ক্ষুব্ধ জনতাই ট্ৰাকখন আৱদ্ধ কৰি পথ অৱৰোধ কৰে।

ঘটনাস্থলীত কাটিগৰাৰ চক্ৰ বিষয়া প্ৰাণজিৎ কুমাৰ দেৱ আৰু বিধায়ক খলিল উদ্দীন মজুমদাৰ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button