মৰ্মান্তিক! দুৰ্ঘটনাত পুত্ৰৰ মৃত্যুৰ খবৰ লাভ কৰি মাতৃৰাে প্ৰাণ ত্যাগ

নিউজ ডেস্ক। এক হৃদয় বিদাৰক ঘটনাই ম্ৰিয়মান কৰি তুলিলে কামৰূপ জিলাৰ বকােৰ বাসিন্দাসকলক।

দুৰ্ঘটনাত পুত্ৰৰ মৃত্যুৰ পাছতে পুত্ৰশােকত মৃত্যুক সাৱটি ল’লে এগৰাকী মাতৃয়ে।

সকলােকে শােকান্বিত কৰি একেলগে জ্বলিল মাতৃ-পুত্ৰৰ চিতা।

P2

উল্লেখ্য যে, কামৰূপ জিলাৰ বকোৰ ২নং দিলিঙা গাঁৱৰ নিবাসী সত্যৱান ৰয় আৰু অনিমা ৰয়ৰ পুত্ৰ সুনন্দ ৰয়ে (২৮) শনিবাৰে নিশা প্রায় ১১ বজাত এএছ-০১ ইইউ-৪৭৫৯ নম্বৰৰ স্কুটিখনেৰে কৰ্তব্যৰ পৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ ঘৰলৈ উভতিছিল।

সেই সময়তে শিংৰা শালনিবাৰীত ঘাইপথৰ দাঁতিত ৰখাই থােৱা এএছ-২৫ চিচি-৬৬৭৯ নম্বৰৰ এখন ট্ৰাকক পিছফালৰ পৰা স্কুটীৰে খুন্দিয়াই থিতাতে মৃত্যু হয় সুনন্দ ৰয় নামৰ যুৱকজনৰ।

P3

স্থানীয় ‘অৰুণোদয়’ নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনৰ কৰ্মচাৰী আছিল সুনন্দ ৰয়।

সুনন্দ ৰয় এগৰাকী প্ৰতিভা সম্পন্ন যুৱক আছিল। কােচ-ৰাজবংশী সংগঠনৰ সৈতেও সক্ৰিয়ভাৱে জড়িত আছিল সুনন্দ ৰয়।

ইফালে, পুত্ৰৰ মৃত্যুৰ খবৰ শুনাৰ পিছতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে তেওঁৰ মাতৃ অনিমা ৰয় (৫৫)।

1-4

লগে লগে তেওঁক অৰুণোদয় হাস্পতালত ভৰ্তি কৰা হয় যদিও দেওবাৰে বিয়লি হাস্পতালৰ বিচনাতে মৃত্যুক সাৱটি লয় মাতৃয়েও।

মাতৃ-পুত্ৰৰ কৰুণ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটো শোকস্তব্ধ কৰি তুলিছে।

P4

দেওবাৰে সন্ধিয়া বৃহৎ সংখ্যক লােকৰ উপস্থিতি একেলগে মাতৃ-পুত্ৰ শেষকৃত্য সম্পন্ন কৰা হয়।

Leave a Comment