মৰ্মান্তিক! দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা উদ্ধাৰ অভিযান চলাই থকা সময়তে তীব্ৰবেগী SUVৰ খুন্দা এম্বুলেন্সসহ ৩ বাহনত, ৫ জনৰ মৃত্যু

নিউজ ডেস্কঃ মহাৰাষ্ট্ৰৰ বান্দ্ৰা-ৱৰলী চি লিংকত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনা।

দুৰ্ঘটনাত ৫ জনকৈ লোক নিহত হোৱাৰ লগতে আহত হৈছে আন ৮ জন লোক।

জানিব পৰা মতে, বুধবাৰে পুৱতি নিশা প্ৰায় ২.৪০ বজাত চি লিংকৰ দলঙৰ দক্ষিণ দিশত ৱৰলী অভিমুখে আহি থকা দুখন বাহন এক সৰু দুৰ্ঘটনাত পতিত হয়।

image 39
মৰ্মান্তিক! দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা উদ্ধাৰ অভিযান চলাই থকা সময়তে তীব্ৰবেগী SUVৰ খুন্দা এম্বুলেন্সসহ ৩ বাহনত, ৫ জনৰ মৃত্যু 3

এই দুৰ্ঘটনাৰ পিছতে টোল কৰ্মচাৰীসকলে আহত সকলক উদ্ধাৰ কৰা হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।

আহত সকলক টোল কৰ্মচাৰীয়ে উদ্ধাৰ অভিযান চলাই থকাৰ সময়তে এখন তীব্ৰবেগী এছইউভি বাহনে নিয়ন্ত্ৰণ হেৰুৱাই আহত সকলক হাস্পতাললৈ নিয়াৰ বাবে উপস্থিত হোৱা এখন এম্বুলেন্সসহ ৩ খন বাহনক মহতিয়াই লৈ যায়।

image 40
মৰ্মান্তিক! দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা উদ্ধাৰ অভিযান চলাই থকা সময়তে তীব্ৰবেগী SUVৰ খুন্দা এম্বুলেন্সসহ ৩ বাহনত, ৫ জনৰ মৃত্যু 4

এই দুৰ্ঘটনাত ৫ জন লোকৰ থিতাতে মৃত্যু ঘটে।

আনহাতে এছইউভি বাহনখনৰ খুন্দাত এজন টোল কৰ্মচাৰীসহ ৮ জন লোকো আহত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই দুৰ্ঘটনাত শোক ব্যক্ত কৰি নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰিছে।