মৰ্মান্তিক! তীৰ্থস্থানৰ পৰা ওভতাৰ পথতে শোকাবহ পথ দুৰ্ঘটনা, ৪ শিশুসহ ৯ জনৰ মৃত্যু

নিউজ ডেস্কঃ তীৰ্থস্থানৰ পৰা উভতি অহাৰ পথতে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৪ শিশুসহ ৯ জনকৈ লোকৰ।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ হাছান জিলাৰ গান্ধীনগৰ গাঁৱৰ সমীপত।

জানিব পৰা মতে, শনিবাৰে নিশা ধৰ্মস্থল নামৰ তীৰ্থস্থানৰ পৰা লোক কেইজনে এখন টেম্পোৰে আহি থকা সময়তে সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।

image 128
মৰ্মান্তিক! তীৰ্থস্থানৰ পৰা ওভতাৰ পথতে শোকাবহ পথ দুৰ্ঘটনা, ৪ শিশুসহ ৯ জনৰ মৃত্যু 4

ঘটনাৰ বিৱৰণী অনুসৰি, ৬৯ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন কে এছআৰটিচি বাছৰ পিছে পিছে আহি আছিল টেম্পোখন।

সেই সময়তে এখন গাখীৰৰ টেংকাৰ বিপৰীত দিশৰ পৰা অহা দেখি টেম্পোখনে বাট এৰি দিব বিচাৰোতেই আগে আগে গৈ থকা বাছখনত খুন্দা মাৰে।

image 129
মৰ্মান্তিক! তীৰ্থস্থানৰ পৰা ওভতাৰ পথতে শোকাবহ পথ দুৰ্ঘটনা, ৪ শিশুসহ ৯ জনৰ মৃত্যু 5

আনহাতে একে সময়তে নিয়ন্ত্ৰণহীন হৈ পৰা গাখীৰৰ টেংকাৰখনে পিছফালৰ পৰা খুন্দা মাৰে টেম্পোখনত।

এই দুৰ্ঘটনাত টেম্পোখনত থকা শিশুসহ ৯ জন লোক নিহত হোৱাৰ লগতে কম-বেছি পৰিমাণে আহত হয় বাছখনৰ যাত্ৰীসকলো।

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে টেংকাৰখনৰ চালকজনে সেই স্থানৰ পৰা পলায়ন কৰে। বনশ্বৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

image 130
মৰ্মান্তিক! তীৰ্থস্থানৰ পৰা ওভতাৰ পথতে শোকাবহ পথ দুৰ্ঘটনা, ৪ শিশুসহ ৯ জনৰ মৃত্যু 6

মৃত লোক কেইজনক লীলাৱতী(৫০), চৈত্ৰ(৩৩), সমৰ্থ(১০), ডিম্পী(১২), তন্ময়(১০), ধ্ৰুৱ(২), বন্দনা(২০), দদৈয়া(৬০) আৰু ভাৰতী(৫০) বুলি চিনাক্ত কৰা হৈছে। .

আৰক্ষীয়ে জনোৱা মতে, টেম্পোখনত ১৪ জন লোকে যাত্ৰা কৰিছিল। আহত সকলক হাছান জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।