অসম
মৰ্মান্তিক! তীব্ৰবেগী মালবাহী বাহনে মহটিয়াই নিলে স্কুটী আৰোহীক, থিতাতে প্ৰাণ হেৰুৱালে মাতৃ-কন্যাই…

এক অতি শোকাৱহ পথ দুৰ্ঘটনা।
তীব্ৰ বেগী বলেৰো পিকআপ বাহনে মহটিয়াই নিলে স্কুটী আৰহীক।
দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হৈছে কণমানি কন্যাসহ এগৰাকী মাতৃ।
দুধনৈৰ চেঁচাপানীত সংঘটিত হৈছে এই ভয়কৰ পথ দুৰ্ঘটনাটো৷
জানিব পৰা মতে, অঞ্চলটোৰ হাঁহচৰাবড়ী পৰা চেঁচাপানী অভিমুখে As18 G2038 নম্বৰৰ স্কুটীৰে মাতৃ-কন্যাই গৈ থকা সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনা সংঘটিত কৰা ব’লেৰো পিক আপ বাহনখনৰ নম্বৰ হৈছে- As01JC0466 ৷
স্কুটী আৰু পিক আপ বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো৷
নিহত দ্বয় হৈছে- হিমাদ্ৰী কচাৰী(২৭) আৰু তেওঁৰ ৯ বছৰীয়া কন্যা ৰাণী কচাৰী৷
দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷