এক ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰবেগী বাছে মহটিয়াই নিলে বাইক আৰোহী ভাতৃ-ভগ্নীক।
উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বৰহলগঞ্জ অঞ্চলৰ তৰাইনা দলঙৰ ওচৰত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো।
সোমবাৰে দুই ভাতৃ-ভগ্নীয়ে বাইকেৰে গোৰখপুৰলৈ আহি থকাৰ সময়তে এখন তীব্ৰবেগী বাছে মহটিয়াই নিয়ে বাইক আৰোহী দুয়োকে।
যাৰ ফলত থিতাতে কৰুণ মৃত্যুক আকোৱালি লয় দুই ভাতৃ-ভগ্নীয়ে।
দুই ভাতৃ-ভগ্নী নীতিশ(২০) আৰু নীশা(২২) বুলি জানিব পৰা গৈছে। বধলগঞ্জ কোতৱালী অঞ্চলৰ টাডা গাঁৱৰ বাসিন্দা আছিল তেওঁলোক।
দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ হৈছে- ইউপি-50-বিটি-4624 ।
ইপিনে দুৰ্ঘটনাটো সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাছখনৰ চালক-হেণ্ডিমেন।
উল্লেখ্য যে, মুম্বাইৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত নীতিশে দেওবাৰে ঘৰলৈ আহিছিল।