অসম

মৰ্মান্তিক! তিনিজনকৈ যুৱকৰ ৰহস্যজনক মৃত্যু, এজনৰ অৱস্থা সংকটজনক…

এক অতি মৰ্মান্তিক ঘটনা।

তিনিজনকৈ যুৱকৰ ৰহস্যজনক মৃত্যু, এজনৰ অৱস্থা সংকটজনক।

ৰঙিয়াৰ বৰপলহাত এই কৰুণ ঘটনা সংঘটিত হৈছে।

পথাৰত জলসিঞ্চন বিভাগৰ নলা নিৰ্মাণ কাৰ্যত কৰ্মৰত আছিল যুৱক কেইজন।

ঘটনাৰ বিষয়ে জানিব পৰা মতে ৰঙিয়া তাৰাকুছিৰ এজন পকামিস্ত্ৰীৰ লগত সহযোগী হিচাপে চাৰিজন যুৱক বাইহাটা চাৰিআলিৰ বৰপলহা লৈ কিছুদিন পূৰ্বে গৈছিল।

জলসিঞ্চন বিভাগৰ নলা নিৰ্মাণৰ কামত ব্যস্ত থকা চাৰিজনকৈ শ্ৰমিক ক্ৰমে ৰঙিয়া তাৰাকুছিৰ বাবুল হুছেইন, ৰঙিয়া ভালুকমাৰীৰ মোজাক্কিৰ হুছেইন, ধুহিবালাৰ ৰাতুল আলী আৰু চফিকুল ইছলামে যোৱা নিশা আহাৰ গ্ৰহণ কৰিছিল।

নিশা পথাৰৰ মাজৰ কেম্পতে আহাৰ গ্ৰহণ কৰাৰ পাছত চাৰিওজনে শৌচ, বমি কৰাৰ লগতে অত্যাধিক পেটৰ বিষত ভোগে।

YGkUW1Q

ইতিমধ্যে তিনিজন অচেতন হৈ পৰাত এজনে ৰঙিয়া তাৰাকুছিৰ গৃহলৈ কোনোমতে ফোন কৰি ঘটনাটো অৱগত কৰে।

লগে লগে পৰিয়ালৰ লোক কিছু সময়ৰ পিছত গৈ ঘটনাস্থলীত উপস্থিত হৈ চাৰিও জনকে অচেতন অৱস্থাত উদ্ধাৰ কৰে।

ঠেলাৰে তিনিওজনকে পথাৰৰ পৰা উদ্ধাৰ কৰি পিছত ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ আনে যদিও অধিক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

পৰিয়ালৰ লোকে আমিনগাঁৱৰ নাৰায়ণা হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে তিনিজন শ্ৰমিক ক্ৰমে তাৰাকুছিৰ বাবুল হুছেইন, ভালুকমাৰীৰ মোজাক্কিৰ হুছেইন আৰু ধুহিবালাৰ ৰাতুল আলীক চিকিৎসকে মৃত বুলি ঘোষণা কৰে। আন এজন শ্ৰমিক চফিকুল ইছলাম বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

ইফালে শ্ৰমিক কেইজনৰ পৰিয়ালে সন্দেহ কৰা মতে নিশাৰ আহাৰত বিষক্ৰিয়া হোৱাৰ ফলত এনে ঘটনা সংঘটিত হৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীক উচিত তদন্ত কৰাৰ বাবে অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়াল কেইটাই।

লগতে চাওকঃ

আৰক্ষী বিষয়া হোৱাৰ সপোন আছিল কীৰ্তিকমলৰ! কিন্তু এতিয়া সপোন সপোন হৈয়ে ৰৈ যাব…

G1

কােকৰাঝাৰৰ বহুচৰ্চিত এখন বিয়াৰ অতিথি হ’ল অসমৰ মুখ্যমন্ত্ৰী, ন দম্পতীক জনালে শুভেচ্ছা

G10

Related Articles

Leave a Reply

Back to top button